উন্নাও কাণ্ডৰ ভুক্তভোগীৰ তেজত ভয়ংকৰ বেক্টেৰিয়া, ৭ৰ ভিতৰত ৬ এণ্টিবায়’টিকে কৰা নাই কাম

এই বেক্টেৰিয়াৰ বাবে ৭ বিধ এণ্টিবায়’টিক ঔষধৰ ৬ বিধেই কাম কৰা নাই। কে জি এম ইউ–এ এই ৰিপ’ৰ্ট এইম্ছলৈ প্ৰেৰণ কৰিব।

News18-Assam
Updated:August 8, 2019, 11:54 AM IST
উন্নাও কাণ্ডৰ ভুক্তভোগীৰ তেজত ভয়ংকৰ বেক্টেৰিয়া, ৭ৰ ভিতৰত ৬ এণ্টিবায়’টিকে কৰা নাই কাম
এই বেক্টেৰিয়াৰ বাবে ৭ বিধ এণ্টিবায়’টিক ঔষধৰ ৬ বিধেই কাম কৰা নাই। কে জি এম ইউ–এ এই ৰিপ’ৰ্ট এইম্ছলৈ প্ৰেৰণ কৰিব।
News18-Assam
Updated: August 8, 2019, 11:54 AM IST
দিল্লীৰ এইম্ছত চিকিৎসাধীন হৈ আছে উন্নাও বলাৎকাৰ কাণ্ডৰ ভুক্তভোগী। দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিছে ভুক্তভোগী যুৱতীগৰাকীৰ। ইয়াৰ মাজতে লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্ছিটী হাস্পতালৰ পৰা ভুক্তভোগীৰ সংক্ৰমণক লৈ নতুন তথ্য পোহৰলৈ আহিছে। কে জি এম ইউত ভৰ্তি হৈ থকা সময়ত ভুক্তভোগীৰ তেজ পৰীক্ষা কৰা হৈছিল। তেজ পৰীক্ষাৰ ৰিপ’ৰ্টত তেজত ভয়ংকৰ বেক্টেৰিয়া ধৰা পৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বেক্টেৰিয়াৰ বাবে ৭ বিধ এণ্টিবায়’টিক ঔষধৰ ৬ বিধেই কাম কৰা নাই। কে জি এম ইউ–এ এই ৰিপ’ৰ্ট এইম্ছলৈ প্ৰেৰণ কৰিব।

ট্ৰমা চেণ্টাৰত চিকিৎসাধীন অৱস্থাত কৰা পৰীক্ষাত ভুক্তভোগীৰ তেজত এণ্টিৰ’ক’কাছ বেক্টেৰিয়া পোৱা গৈছে, যাৰ ফলত অধিকসংখ্যক এণ্টিবায়’টিকে কাম নকৰে।

বিশেষজ্ঞৰ মতে, এই বেক্টেৰিয়া অতি দুৰ্লভ আৰু মলত পোৱা যায়। ই তেজত কিদৰে আহিল তাৰ অনুসন্ধান কৰা উচিত। ইয়াৰ প্ৰভাৱত ঔষধে কোনো কাম নকৰে ৰোগীৰ দেহত।

উল্লেখযোগ্য যে ৰায়বৰেলীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ভুক্তভোগী যুৱতীগৰাকীক লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰত চিকিৎসাধীন কৰোৱা হৈছিল। পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৫ আগষ্টত ভুক্তভোগী যুৱতীগৰাকীক ভৰ্তি স্থানান্তৰ কৰা হয় দিল্লীৰ এইম্ছলৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি