সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে দেওবাৰে ৰাজধানী লক্ষ্ণৌত অনুষ্ঠিত এখন সংবাদমেল অনুষ্ঠিত কৰি যোগী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। অখিলেশ যাদৱে কয় যে, মোৰ ফোন টেপ কৰা হৈছে আৰু সন্ধিয়া মুখ্যমন্ত্ৰী যোগীয়ে নিজেই তেওঁৰ ৰেকৰ্ডিং শুনে। তেওঁ লগতে কয় যে, সমাজবাদী পাৰ্টিৰ সকলো কল প্ৰতিদিনে শুনি আছে, আনহাতে দলীয় কাৰ্যালয়ৰ সকলো লেণ্ডলাইনো শুনাৰ ব্যৱস্থা কৰিছে।
নিজৰ দলৰ ৰাষ্ট্ৰীয় সচিব ৰাজীৱ ৰায় আৰু ব্যক্তিগত সচিব জীতেন্দ্ৰ যাদৱৰ ঘৰত আয়কৰ বিভাগে অভিযান চলোৱাৰ পিছদিনাই অখিলেশ যাদৱে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ। লগতে যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী পদৰ বাবে অযোগ্য বুলি উল্লেখ কৰে। অখিলেশে কয় যে, বিজেপিয়ে এতিয়া ভয় খাইছে। নিৰ্বাচনত পৰাস্ত হোৱাৰ এয়া আগজাননী।
ইয়াৰ পূৰ্বে, আয়কৰ বিভাগৰ পদক্ষেপ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয় যে, এতিয়া কেৱল আয়কৰ দলহে আহিছে আৰু চিবিআই আৰু ইডি এতিয়াও আহিবলৈ বাকী আছে। বিজেপি পৰাস্ত হোৱাৰ উমান পাইছে গতিকে আমাৰ নেতাসকলৰ ওপৰত তালাচী চলোৱা হৈছে। কিন্তু ইমানৰ পিছতো আমাৰ চাইকেলখনৰ গতি লেহেমীয়া নহ'ব।
অখিলেশ যাদৱে পুনৰ কয় যে, তেওঁ পশ্চিম বংগত একেটা কাম কৰিছিল কিন্তু কি হৈছিল? একেদৰে, তেওঁলোকে উত্তৰ প্ৰদেশত বেয়াকৈ পৰাজিত হ'বলৈ গৈ আছে। উত্তৰ প্ৰদেশত বিজেপি নিশ্চিহ্ন হ'বলৈ গৈ আছে।
শনিবাৰে, আয়কৰ বিভাগৰ দলে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, মৈনপুৰী আৰু মৌত এছপি নেতা আৰু এছপি প্ৰধান অখিলেশ যাদৱৰ ঘনিষ্ঠ এছপি নেতাসকলৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলাইছিল।
Read all
News in Assamese ,
Assam News Today ,
Entertainment News in Assamese ,
Business News in Assamese ,
Sports News in Assamese ,
Health News in Assamese ,
India News in Assamese Published by: Himangshu Bhuyan
First published: December 19, 2021, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|