CAAক লৈ উত্তৰ প্ৰদেশত ভয়ংকৰ পৰিস্থিতি, ১২খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা, ৩১ জানুৱাৰীলৈ ১৪৪ ধাৰা জাৰি

News18 Assam | News18-Assam
Updated:December 20, 2019, 8:52 AM IST
CAAক লৈ উত্তৰ প্ৰদেশত ভয়ংকৰ পৰিস্থিতি, ১২খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা, ৩১ জানুৱাৰীলৈ ১৪৪ ধাৰা জাৰি
আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া লক্ষ্ণৌ, বুন্দেলখণ্ড আৰু এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ স্থগিত ৰখা হৈছে।

আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া লক্ষ্ণৌ, বুন্দেলখণ্ড আৰু এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ স্থগিত ৰখা হৈছে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ প্ৰদেশত ভয়ংকৰ পৰিৱেশ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘাত। CAAৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত ৰাজনৈতিক–অৰাজনৈতিক দল–সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। বৃহস্পতিবাৰে কেইবাস্থানতো প্ৰতিবাদৰ সময়ত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। লক্ষ্ণৌৰ খদৰা অঞ্চলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাত। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছো নিক্ষেপ কৰে। একাংশ উগ্ৰ প্ৰতিবাদকাৰীয়ে মধেগঞ্জ আৰক্ষী চকীত আকৰমণ কৰে। কেইবাখনো বাহন জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।

পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ ১২খন জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। গাজিয়াবাদত বৃহস্পতিবাৰে নিশা ১০ বজাৰ পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। প্ৰয়াগৰাজতো বৃহস্পতিবাৰৰ নিশাৰ পৰা আজি পুৱা ১০ বজালৈ বন্ধ ৰখা হৈছে ইণ্টাৰনেট সেৱা।ইয়াৰ লগতে লক্ষ্ণৌ, মউ, বাৰাণসী, চম্বলসহ ১২খন জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। সমগ্ৰ ৰাজ্যখনত ৩১ জানুৱাৰীলৈ জাৰি কৰা হৈছে ১৪৪ ধাৰা।

নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া লক্ষ্ণৌ, বুন্দেলখণ্ড আৰু এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ স্থগিত ৰখা হৈছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি