• Home
  • »
  • News
  • »
  • nation
  • »
  • Uttar Pradesh Elections: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিত মোক্ষম আঘাত! স্বামীৰ পিছত এইবাৰ যোগী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে দাৰা সিং চৌহানে, আৰু ৫-৬গৰাকী বিধায়কে দল এৰাৰ সম্ভাৱনা

Uttar Pradesh Elections: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিত মোক্ষম আঘাত! স্বামীৰ পিছত এইবাৰ যোগী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে দাৰা সিং চৌহানে, আৰু ৫-৬গৰাকী বিধায়কে দল এৰাৰ সম্ভাৱনা

 স্বামী প্ৰসাদ মৌৰ্যৰ পিতথ দাৰা সিং চৌহানে পদত্যাগ কৰিলে যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ পৰা।

স্বামী প্ৰসাদ মৌৰ্যৰ পিতথ দাৰা সিং চৌহানে পদত্যাগ কৰিলে যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ পৰা।

স্বামী প্ৰসাদ মৌৰ্যৰ পিতথ দাৰা সিং চৌহানে পদত্যাগ কৰিলে যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ পৰা।

  • Share this:
Dara Singh Chauhan Resigns: উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত মোক্ষম আঘাত। স্বামী প্ৰসাদ মৌৰ্যৰ পিতথ দাৰা সিং চৌহানে পদত্যাগ কৰিলে যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ পৰা। ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। লগতে পদত্যাগৰ কাৰণো উল্লেখ কৰিছে।

দাৰা সিং চৌহানে নিজৰ পদত্যাগ পত্ৰত লিখিছে যে, 'যোগী আদিত্যনাথৰ কেবিনেটত বন, পৰিবেশ মন্ত্ৰী হিচাপে সহযোগিতাৰে কাম কৰিলো। কিন্তু চৰকাৰে পিছপৰা, বঞ্চিত, দলিত, কৃষক আৰু নিবনুৱাক প্ৰতাৰণা কৰাৰ লগতে দলিত আৰু পিছপৰাসকলৰ সংৰক্ষণক ৰাজনৈতিক ইছ্যু বনাইছে। গতিকে এই ক্ষেত্ৰত আশাহত হৈ মই মন্ত্ৰী পদ ত্যাগ কৰিছো।'

মঙলবাৰে পদত্যাগ কৰিছিল স্বামীয়ে-

প্ৰথমে স্বামী প্ৰসাদ মৌৰ্যই যোগী আদিত্যনাথৰ কেবিনেটৰ পৰা পদত্যাগ কৰিছিল। লগতে বিজেপিৰ আৰু বহু নেতাই দল ত্যাগ কৰাৰো ইংগিত দিছিল। সূত্ৰ অনুসৰি, বিজেপিৰ আৰু দুই তিনিজন মন্ত্ৰী, পাঁচ-ছয়গৰাকী বিধায়কে বিজেপি দল ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published: