নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১০ মাৰ্চত। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ আছিল ৬০ শতাংশতকৈ অলপ বেছি।
নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১০ মাৰ্চত। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ আছিল ৬০ শতাংশতকৈ অলপ বেছি।
বিগত ১০ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ প্ৰদেশত ভোটগ্ৰহণ (Uttar Pradesh Elections 2022) আৰম্ভ হৈছে। চলিব ৭ মাৰ্চলৈ। বাকী পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে এই পৰিকল্পনা লৈছে লক্ষ্ণৌৰ ক্ৰাইষ্ট ছাৰ্চ কলেজৰ অধ্যক্ষ ৰাকেশ কুমাৰে। তেওঁৰ মতে, যিসকল পঢ়া–শুনাত কিছু দুৰ্বল, এই উদ্যোগৰ ফলত সেইসকল ছাত্ৰ–ছাত্ৰীয়েও পৰীক্ষাত তুলনামূলকভাৱে ভাল ফলাফল কৰিব পাৰিব।
সংবাদ প্ৰতিষ্ঠান এএনআইক ৰাকেশ কুমাৰে কয়, ‘যিসকল শিক্ষাৰ্থীৰ পিতৃ–মাতৃয়ে ২৩ ফেব্ৰুৱাৰী আৰু বাকী পৰ্যায়সমূহত ভোটদান কৰি নিৰ্বাচনত সক্ৰিয়ভাৱে অংশ ল’ব, তেওঁলোকক আমি ১০ নম্বৰকৈ পুৰস্কাৰ হিচাপে দিম। এইদৰে আমি ভোটদানৰ হাৰ এশ শতাংশলৈ নিয়াৰ চেষ্টা কৰিছো। লগতে এই সিদ্ধান্তৰ ফলত দুৰ্বল শিক্ষাৰ্থীসকলৰো পৰীক্ষাত পাছ কৰা সহজ হ’ব।’
নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১০ মাৰ্চত। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ আছিল ৬০ শতাংশতকৈ অলপ বেছি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|