CAA বিৰোধী আন্দোলনত জ্বলিছে দেশ, উত্তৰ প্ৰদেশত এতিয়ালৈকে ১৩ জনৰ মৃত্যু, বন্ধ ইণ্টাৰনেট সেৱা, স্কুল–কলেজ বন্ধ

News18 Assam | News18-Assam
Updated:December 21, 2019, 11:15 AM IST
CAA বিৰোধী আন্দোলনত জ্বলিছে দেশ, উত্তৰ প্ৰদেশত এতিয়ালৈকে ১৩ জনৰ মৃত্যু, বন্ধ ইণ্টাৰনেট সেৱা, স্কুল–কলেজ বন্ধ
Source-Google

সমগ্ৰ দেশতে এতিয়া নাগৰকিত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে উত্তাল প্ৰতিবাদ। ঠায়ে ঠায়ে আন্দোলনে লৈছে হিংসাত্মক ৰূপ।

  • News18 Assam
  • Last Updated: December 21, 2019, 11:15 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু NRCৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত উত্তাল প্ৰতিবাদ। প্ৰতিবাদৰ নামত ৰাজ্যখনৰ ঠায়ে ঠায়ে ব্যাপক হিংসাত্মক কাৰ্য সংঘটিত হৈছে। শুকুৰবাৰে লক্ষ্ণৌ সহ কেইবাখনো জিলাত কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰে ৰাজপথ। বহু উগ্ৰ প্ৰতিবাদকাৰীয়ে চৰকাৰী সা–সম্পত্তি ধ্বংস কৰাৰ লগতে জ্বলাই দিয়ে কেইবাখনো বাহন। ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত এতিয়ালৈকে ৯ জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। প্ৰতিবাদত আহত হৈছে কেইবা শতাধিক।



পৰিস্থিতি ক্ৰমাৎ অধিক ভয়ানক হোৱাত ৰাজ্যখনৰ ২১ খন জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। শনিবাৰে ৰাজ্যখনত সকলো স্কুল, কলেজ, বিশ্ব বিদ্যালয় বন্ধ ৰখাৰো নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।
Published by: Himangshu Bhuyan
First published: December 21, 2019, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading