• Home
  • »
  • News
  • »
  • nation
  • »
  • চৰকাৰী কাৰ্যালয়ত আৰক্ষীয়ে মাৰিছিল হাঁচি, ঘুচিয়াই নাক ভাঙি দিলে পাঁচ যুৱকে

চৰকাৰী কাৰ্যালয়ত আৰক্ষীয়ে মাৰিছিল হাঁচি, ঘুচিয়াই নাক ভাঙি দিলে পাঁচ যুৱকে

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ই আক্ৰমণত নাক আৰু চকুৰ ওচৰত গুৰুতৰভাৱে আঘাত পায় জালাই। নাক ভাঙি যোৱাৰ লগতে চকুত বহু চিলাই পৰিছে তেওঁৰ।

  • Share this:
সঁচাকৈয়ে এক আচৰিত ঘটনা। গুজৰাটৰ আহমেদাবাদত ২৬ বছৰীয়া যুৱৰাজ সিন জালা নামৰ ৰাজহুৱা ৰক্ষী দলৰ জোৱানে কৰ্মসূত্ৰে চৰকাৰী কাৰ্যালয়লৈ গৈ হঠাত্ মাৰিছিল এটা হাঁচি। কোভিডৰ সময়ত মৰা সেই হাঁচিৰ পিছতেই লাগিল কেনা।

হাঁচিটোৰ বাবে খঙত খৰ্গহস্ত হৈ পৰে আৰক্ষী জালাৰ ওচৰত থিয় থকা দুজন লোক। খঙত অগ্নিশৰ্মা দুই যুৱকে ভিন্ন গালি-গালাজৰ লগতে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে জালাক। ক্ৰুচনানাগড় আৰক্ষী থানাত কৰ্মৰত জালাই বাৰম্বাৰ লোক কেইজনক তেওঁ এগৰাকী আৰক্ষী বুলি পৰিচয় দিয়াৰ লগতে চৰকাৰী কাম লৈ মমলাতদাৰ কাৰ্যালয়লৈ আহিছে সেয়া বুজাবলৈ চেষ্টা চলায়। কিন্তু উত্তেজিত হৈ পৰা যুৱক দুজনে তেওঁলোকৰ আন তিনিগৰাকী সহকৰ্মীক মাতি আনে আৰু আটাইকেইগৰাকীয়ে একেলগ হৈ জালাক গুৰুতৰভাৱে প্ৰহাৰ কৰাত নামি পৰে। অভিযুক্ত লোকজনে হাঁচিটোক অশুভ বুলি বৰ্ণনা কৰি এনেদৰে উত্তেজিত হৈ পৰিছিল বুলি উল্লেখ কৰিছে জালাই।

ইপিনে উক্ত স্থানত উপস্থিত কোনো কোনো লোকে জালাক অভিযুক্তৰ কবলৰ পৰা টানি আনিছিল আৰু ঘটনা সম্পৰ্কে অৱগত কৰিছিল জ্যেষ্ঠ বিষয়াসকলক। তাৰ পিছতেই ঘটনাস্থলীত জ্যেষ্ঠ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি অভিযুক্ত ভাৰত ভৰৱাদ, বিপুল ভৰৱাদ, সঞ্জয় ভৰৱাদ, ৰবি ভৰৱাদ আৰু জগদীশ ভৰৱাদ বুলি চিনাক্ত কৰে। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে জালাই নাৰোদা আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ।

লক্ষণীয় যে, এই আক্ৰমণত নাক আৰু চকুৰ ওচৰত গুৰুতৰভাৱে আঘাত পায় জালাই। নাক ভাঙি যোৱাৰ লগতে চকুত বহু চিলাই পৰিছে তেওঁৰ। বৰ্তমানে তেওঁ আচৰৱা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে, কোভিডসৃষ্ট পৰিস্থিতিয়ে দেশৰ লগতে বিশ্ববাসীক ভীতিগ্ৰস্ত কৰি ৰখাৰ লগতে ভিন্ন সতৰ্কতা অৱলম্বন কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে। তেনে প্ৰেক্ষাপটতে হাঁচিক লৈ এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো নিন্দনীয়। সতৰ্কতা প্ৰয়োজন কিন্তু আনৰ হানি কৰাটো উচিত নহয়।
Published by:Sanjay Kumar Das
First published: