দেশৰ সৰ্ববৃহৎ এলপিজি গেছ বিতৰণকাৰী কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেচনে কৈছে যে লকডাউনৰ সময়ত গ্ৰাহকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কোম্পানীয়ে লকডাউনৰ সময়তো সকলোলৈ উপলব্ধ কৰাব এলপিজি চিলিণ্ডাৰ। আচলতে বিগত ৩–৪ দিনত উত্তৰ–পূবৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কোৰোণা ভাইৰাছৰ বাবে লকডাউন ঘোষণা হোৱাৰ খবৰৰ বাবে এল পি জি চিলিণ্ডাৰৰ বিক্ৰী দ্ৰুতগতিত বৃদ্ধি পাইছে।
কোৰোণা ভাইৰাছৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত এলপিজি চিলিণ্ডাৰৰ কোনো নাটনি নহ’বৰ বাবে আই অ’ চিয়ে উৎপাদন বৃদ্ধি কৰিছে। আগন্তুক কেইটামান দিনৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। ইয়াৰ লগতে অনলাইন বুকিঙৰ জৰিয়তে গ্ৰাহকে হোম ডেলিভাৰী লাভ কৰিব গেছ চিলিণ্ডাৰ। যিসকল লোকৰ গেছ সংযোগ নাই তেওঁলোকে ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ ল’ব পাৰিব।
ক’ত কিনিব পাৰিব চিলিণ্ডাৰ – আইঅ’চিয়ে টুইটাৰযোগে জনাইছে যে গ্ৰাহকে নিজৰ চহৰত ইণ্ডেনৰ যিকোনো বিতৰণকাৰী বা পইণ্ট অব ছেললৈ গৈ ৫ কিলোগ্ৰামৰ চিলিণ্ডাৰ কিনিব পাৰিব। ইয়াৰ বাবে কোনো এড্ৰেছ প্ৰুফৰ প্ৰয়োজন নাই। পইচা দিয়ক, গেছ লৈ যাওক।
ক’ত কৰিব ৰিফিল – কোম্পানীৰ মতে, গ্ৰাহকে ইণ্ডেনৰ যিকোনো ছেলিং পইণ্টত ৫ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰিফিল কৰাব পাৰিব। এই চিলিণ্ডাৰ BIS প্ৰমাণিত চিলিণ্ডাৰ।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|