নতুন দিল্লীঃ ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডত (Bharat Petroleum Corporation Limited) চৰকাৰে নিজৰ অংশীদাৰিত্ব বিকিবলৈ গৈ আছে। এনেকুৱাত বিপিচিএল এলপিজি গেছৰ ব্যৱহাৰ কৰি থকা ৭কোটিৰো অধিক গ্ৰাহকৰ মনত চাবচিডিক লৈ বহুতো প্ৰশ্নৰ উদ্ৰেক হৈছে। এই প্ৰশ্নক লৈ কেন্দ্ৰ চৰকাৰে স্পষ্টীকৰণ জাৰি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Minister Dharmendra Pradhan) শুকুৰবাৰে কয় যে, বিপিচিএলৰৰ ব্যক্তিগতকৰণৰ পিছতো ইয়াৰ উপভোক্তাসকলে ৰন্ধন গেছৰ চাবচিডি লাভ কৰি থাকিব। উল্লেখ্য যে, চৰকাৰে তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেচন (IOC), বিপিচিএল(BPCL) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ(HPCL) উপভোক্তাক চাবচিডি প্ৰদান কৰে।
ধৰ্মেন্দ্ৰ প্ৰধানে শুকুৰবাৰে কয় যে, এলপিজি চাবচিডিৰ আদায় সকলো ভেৰিফাইড গ্ৰাহকক ডিজিটেল ৰূপত প্ৰদান কৰা হয়। অৱশ্যে এই আদায় সকলো উপভোক্তাক পোণপটীয়াকৈ কৰা হয় সেয়ে এইক্ষেত্ৰত চাৰ্ভিচিং কোম্পানী ৰাজহুৱা খণ্ডৰ নে ব্যক্তিগত খণ্ডৰ তাত কোনো প্ৰভাৱ নপৰে। বিনিয়োগৰ পিছতো BPCLৰ উপভোক্তাসকলে এলপিডিৰ চাবচিডি আগৰ দৰেই পাই থাকিব।
উল্লেখ্য যে, চৰকাৰে BPCLত মেনেজমেণ্ট নিয়ন্ত্ৰণৰ লগতে নিজৰ সম্পূৰ্ণ ৫৩শতাংশ অংশীদাৰিত্ব বেচিবলৈ গৈ আছে। নতুন মালিকে ভাৰতৰ তৈল শোধন ক্ষমতাৰ ১৫.৩৩ শতাংশ আৰু ইন্ধন বিপণনৰ ২২শতাংশ পাব। এয়া দেশৰ ১৭,৩৫৫ টা পেট্ৰ’ল পাম্প, ৬১৫৯ এলপিজি বিতৰক এজেন্সী আৰু ২৫৬ বিমান ইন্ধন ষ্টেশ্যনৰ ভিতৰত ৬১টাৰ মালিক। দেশৰ ২৮.৫ কোটি এলপিজি উপভোক্তাৰ ভিতৰত বিপিচিএলে ৭.৩ কোটি লোকক সেৱা প্ৰদান কৰি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|