আজিৰ এই সময়ত প্ৰায় প্ৰতিগৰাকী লোকৰ ঘৰতেই ব্যৱহাৰ কৰা হয় গেছ চিলিণ্ডাৰ । কিন্তু সকলোৱে ইয়াক অতি সাৱধানে ব্যৱহাৰ কৰে, কিয়নো গেছ চিলিণ্ডাৰক লৈ কৰা এটা সামান্য ভুলৰ বাবেই কোনো ডাঙৰ দূৰ্ঘটনা সংঘটিব হ'ব পাৰে ।
এনে পৰিস্থিতিত এলপিজি (LPG) ব্যৱহাৰ কৰোতে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত আৰু কোনো দূৰ্ঘটনা সংঘটিত হ'লে কি কৰা উচিত সেই সম্পৰ্কে সকলো জানি থোৱাটো অতি গুৰুত্বপূৰ্ণ । লগতে এলপিজি গেছ চিলিণ্ডাৰ বিস্ফোৰিত হ'লে বা গেছ লিক হোৱাৰ দৰে দূৰ্ঘটনা সংঘটিত হ'লে, এগৰাকী গ্ৰাহক হিচাপে আপোনাৰ কি কি অধিকাৰ আছে সেই সম্পৰ্কেও জানি থোৱাটো অতি গুৰুত্বপূৰ্ণ ।
৫০ লাখ টকা পৰ্যন্ত বীমা -
এলপিজি অৰ্থাৎ ৰন্ধন গেছৰ সংযোগ লোৱাৰ সময়ত পেট্ৰ'লিয়াম কোম্পানীবোৰে গ্ৰাহকক ব্যক্তিগত দূৰ্ঘটনা আৱৰণ প্ৰদান কৰে । ৫০ লাখ টকা পৰ্যন্ত থকা এই বীমা হৈছে এক বিত্তীয় সহায়, যি এলপিজি চিলিণ্ডাৰৰ পৰা গেছ লিকেজ বা বিস্ফোৰণৰ ফলত সংঘটিত দূৰ্ঘটনাৰ বাবেই প্ৰদান কৰা হয় । এই বীমা প্ৰদানৰ বাবে পেট্ৰ'লিয়াম কোম্পানী আৰু বীমা কোম্পানীবোৰৰ মাজত বুজাপৰা থাকে ।
ডিলাৰে ডেলিভাৰীৰ পূৰ্বেই চিলিণ্ডাৰটো ঠিকে আছে নে নাই পৰীক্ষা কৰিব লাগে । লগতে গ্ৰাহকৰ ঘৰত এলপিজি চিলিণ্ডাৰৰ ফলত প্ৰাণ হানি আৰু সম্পত্তিৰ ক্ষতি হ'লে ব্যক্তিগত দূৰ্ঘটনা আৱৰণ পৰিশোধ কৰিব লাগে । যদিহে দূৰ্ঘটনাত গ্ৰাহকৰ সম্পত্তি/ঘৰ ক্ষতিগ্ৰস্ত হয় তেন্তে প্ৰতিটো দূৰ্ঘটনাত ২ লাখ টকালৈকে বীমা দাবী লাভ কৰিব পাৰে গ্ৰাহকে ।
গেছ চিলিণ্ডাৰত কেনেদৰে লাভ কৰিব ৫০ লাখ টকাৰ দাবী -
দূৰ্ঘটনাৰ পিছত ধন দাবী কৰাৰ পদ্ধতি চৰকাৰী ৱেবছাইট MyLPG.in (http://mylpg.in) উল্লেখ কৰা হৈছে । ৱেবছাইটটোৰ মতে এলপিজি সংযোগ লোৱাৰ সময়ত লাভ কৰা চিলিণ্ডাৰৰ পৰা দূৰ্ঘটনা সংঘটিত হ'লে সেই ব্যক্তিগৰাকী ৫০ লাখ টকা পৰ্যন্ত বীমা দাবীৰ অধিকাৰী হৈ পৰিব ।