• Home
  • »
  • News
  • »
  • nation
  • »
  • ঘৰত ৰখা LPG চিলিণ্ডাৰ বিস্ফোৰণ হ’লে কোম্পানীয়ে দিব ৫০লাখৰ ক্ষতিপূৰণ, জানক কেনেকৈ কৰিব আৱেদন

ঘৰত ৰখা LPG চিলিণ্ডাৰ বিস্ফোৰণ হ’লে কোম্পানীয়ে দিব ৫০লাখৰ ক্ষতিপূৰণ, জানক কেনেকৈ কৰিব আৱেদন

আমি জনা উচিত যদিহে এলপিজি চিলিণ্ডাৰ ফুটে বা দুৰ্ঘটনাৰ কাৰণ হয় তেনেহ’লে এজন উপভোক্তা আমি হিচাপে কি কৰিব লাগে। আমাৰ অধিকাৰ কি?

আমি জনা উচিত যদিহে এলপিজি চিলিণ্ডাৰ ফুটে বা দুৰ্ঘটনাৰ কাৰণ হয় তেনেহ’লে এজন উপভোক্তা আমি হিচাপে কি কৰিব লাগে। আমাৰ অধিকাৰ কি?

আমি জনা উচিত যদিহে এলপিজি চিলিণ্ডাৰ ফুটে বা দুৰ্ঘটনাৰ কাৰণ হয় তেনেহ’লে এজন উপভোক্তা আমি হিচাপে কি কৰিব লাগে। আমাৰ অধিকাৰ কি?

  • Share this:
নতুন দিল্লীঃ কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এঘৰত ৰখা চিলিণ্ডাৰ বিস্ফোৰণ (Gas Cylinder Blast)ৰ ফলত হুৱা–দুৱা লাগে। চিলিণ্ডাৰ বিস্ফোৰণৰ এক লাইভ ভিডিও পৰৱৰ্তী সময়ত পোহৰলৈ আহে। এই ভিডিও চাই ধাৰণা কৰিব পাৰি যে চিলিণ্ডাৰ বিস্ফোৰণ কিমান ভয়ংকৰ হ’ব পাৰে। হঠাৎ হোৱা এই বিস্ফোৰণৰ ফলত মানুহঘৰৰ যথেষ্ট লোকচান হয়।

আমি জনা উচিত যদিহে এলপিজি চিলিণ্ডাৰ ফুটে বা দুৰ্ঘটনাৰ কাৰণ হয় তেনেহ’লে এজন উপভোক্তা আমি হিচাপে কি কৰিব লাগে। আমাৰ অধিকাৰ কি?

চিলিণ্ডাৰৰ লিকেজ বা বিস্ফোৰণ, দায়িত্ব ডিলাৰ আৰু কোম্পানীৰ

যদি চিলিণ্ডাৰৰ লিকেজ বা বিস্ফোৰণ হয় তেনেহ’লে দায়িত্ব ডিলাৰ আৰু কোম্পানীৰ। ১৬বছৰ পূৰ্বে হোৱা এক দুৰ্ঘটনাৰ ৰায়দান দি উপভোক্তা আদালতে দিয়া নিৰ্দেশ এতিয়াও বলৱৎ হৈ আছে। নেচনেল কনজিউমাৰ ফৰামে নিজৰ সিদ্ধান্তত কৈছিল যে মাৰ্কেটিং ডিচিপ্লিন গাইডলাইন্স ২০১৪ ফৰ এলপিজি ডিষ্ট্ৰিবিউচনৰ অধীনত ডিলাৰে ডিফেক্টিভ চিলিণ্ডাৰ চাপ্লাই দিলে ইয়াৰ দায়িত্ব অভিযোগকাৰীলৈ ঠেলিব নোৱাৰে। গাইডলাইন্সৰ মতে ডিলাৰে ডেলিভাৰীৰ পূৰ্বে চেক কৰিব লাগে যে চিলিণ্ডাৰ ঠিকে আছে নে নাই?

প্ৰতিটো LPG চিলিণ্ডাৰৰ ওপৰত থাকে ৫০লাখ টকাৰ বীমা, জানক কেনেকৈ কৰিব ক্লেইম!

> (http://mylpg.in) ৰ মতে যদি কোনো ব্যক্তিয়ে এল পি জি কানেকশ্যন লৈছে আৰু তেওঁ লাভ কৰা চিলিণ্ডাৰৰ পৰা ঘৰত কোনো ধৰনৰ দূৰ্ঘটনা হৈছে তেনেহ’লে ব্যক্তিজনে ৫০লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে।

> এটা দূৰ্ঘটনাত সৰ্বোচ্চ ৫০লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে। দূৰ্ঘটনাৰ ভুক্তভোগী প্ৰত্যেক ব্যক্তিয়ে সৰ্বাধিক ১০লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব পাৰে।

> এল পি জি চিলিণ্ডাৰৰ বীমা কভাৰ পাবলৈ গ্ৰাহকে দূৰ্ঘটনাৰ খবৰ নিকটৱৰ্তী আৰক্ষী থানা আৰু নিজৰ বিতৰক প্ৰদান কৰিব লাগিব।

> পিএছইউ অইল বিপণন কোম্পানী যেনে ইণ্ডিয়ন অইল, এইচপি তথা বিচিপিৰ বিতৰকক ব্যক্তি তথা সম্পত্তিৰ কাৰণে তৃতীয় পক্ষৰ বীমা কভাৰ সহ দূৰ্ঘটনাৰ বাবে বীমা পলিচী ল’ব লগীয়া হয়।

> এয়া কোনো ব্যক্তিগত গ্ৰাহকৰ নামত নহয় বৰং প্ৰত্যেকজন গ্ৰাহকেই ইয়াৰ অন্তৰ্ভুক্ত। ইয়াৰ কাৰণে কোনো প্ৰীমিয়াম দিব নালাগে।

>এফআইআৰৰ প্ৰতিলিপি, আহতৰ চিকিৎসাৰ ৰছিদ, মেডিকেল বিল তথা মৃত্যুৰ পিছত পোৱা মৃত্যুৰ প্ৰমাণ পত্ৰ ভালকৈ ৰাখক।

দূৰ্ঘটনা হ’লে ব্যক্তি আৰু বিতৰকৰ তৰফৰ পৰা ক্ষতিপূৰণৰ দাবী কৰা হয়। দাবী কৰা ধনৰাশি বীমা কোম্পানী সম্বন্ধীয় বিতৰকৰ কাষত জমা কৰোৱা হয় আৰু ইয়াৰ পৰা এই ধন গ্ৰাহকক প্ৰদান কৰা হয়।

গেছ চিলিণ্ডাৰ বিস্ফোৰণ হ’লে সৰ্বপ্ৰথম আৰক্ষী থানাত ৰিপ’ৰ্ট দাখিল কৰিব লাগে। ইয়াৰ পিছতে সংশ্লিষ্ট এৰিয়া অফিচে তদন্ত কৰে যে দুৰ্ঘটনাৰ কাৰণে কি? যদি দুৰ্ঘটনা এলপিজিৰ কাৰণে হয় তেনেহ’লে এলপিজি ডিষ্ট্ৰিবিউটৰ এজেন্সী/এৰিয়া অফিচে বীমা কোম্পানীৰ স্থানীয় অফিচক এই সন্দৰ্ভত অৱগত কৰিব। ইয়াৰ পিছত সংশ্লিষ্ট বীমা কোম্পানীয়ে ক্লেইম ফাইল কৰিব লাগিব। গ্ৰাহকে বীমা কোম্পানীত পোনে পোনে ক্লেইমৰ কাৰণে আৱেদন কৰিব নালাগে।

Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি