যিহেতু এই নতুন নিয়মবোৰে আপোনাৰ দৈনন্দিন জীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰিব সেয়েহে বিশদভাৱে জানি লওক এই পৰিৱৰ্তনবোৰৰ বিষয়ে। যিহেতু এই নতুন নিয়মবোৰে আপোনাৰ দৈনন্দিন জীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰিব সেয়েহে বিশদভাৱে জানি লওক এই পৰিৱৰ্তনবোৰৰ বিষয়ে। সোমবাৰ অৰ্থাৎ আজিৰে পৰা দেশজুৰি বলৱৎ হ'ব কেইটামান নতুন নিয়ম। যিয়ে প্ৰভাৱিত কৰিব আমাৰ সকলোৰে দৈনন্দিন জীৱন যাত্ৰাক। এই নিয়মবোৰে ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য,ইন্ধনৰ হাৰৰ লগতে এছ বি আই গ্ৰাহকসকলৰ বাধ্যতামূলক কে ৱাই চি (KYC) লৈকে আগুৰি আছে। নিয়মবোৰৰ ভিতৰত আছে যেনে- সঘনাই পৰিৱৰ্তন হোৱা ইন্ধনৰ মূল্যও । গতিকে নতুন মাহ আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা সলনি হ'ব পৰা কেইটামান বস্তুৰ বিষয়ে জানি লওক আপুনিও।
প্ৰতি মাহৰ প্ৰথম দিনটোতে তেল বিপণন কোম্পানীসমূহে ৰন্ধন গেছ চিলিণ্ডাৰৰ নতুন মূল্যৰ হাৰ ঘোষণা কৰে। অৱশ্যে, ফেব্ৰুৱাৰীত, অশোধিত তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই এই হাৰ তিনিবাৰকৈ সংশোধন কৰা হৈছিল । বৰ্তমানে দেশৰ ৰাজধানী দিল্লীত ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য ৭৯৪ টকা, কলকাতাত ইয়াৰ মূল্য ৭৪৫.৫০ টকা আৰু চেন্নাইত ৭৩৫ টকা ।
ইন্ধনৰ মূল্য -
ইন্ধনৰ মূৱ্য দৈনিক সংশোধন কৰা হয় কিন্তু অশোধিত তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই ভাৰতত সৰ্ব সময়ৰ উচ্চ স্থানত উপনীত হৈছে ইন্ধনৰ মূল্য । যদিও কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইংগিত কৰিছে যে, শীতকাল শেষ হোৱাৰ লগে লগে দেশত ইয়াক মূল্য হ্ৰাস হ'ব । আন্তৰ্জাতিক বজাৰত পেট্ৰ'লিয়াজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে গ্ৰাহকসকলক প্ৰভাৱিত কৰিছে। শীত কালৰ পাৰ হৈ যোৱাৰ লগে লগে মূল্য কিছু হ্ৰাস হ'ব । এয়া এটা আন্তৰ্জাতিক বিষয়, চাহিদা বৃদ্ধিৰ বাবে শীতকালত মূল্য বৃদ্ধি হয় আৰু ঋতু অন্ত পৰাৰ লগে লগে মূল্য হ্ৰাস পাব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে বাধ্যতামূলক কে ৱাই চি(KYC) -
১ মাৰ্চ অৰ্থাত্ আজিৰে পৰা ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলে তেওঁলোকৰ একাউণ্ট সক্ৰিয় ৰাখিব বিচাৰিলে তেওঁলোকৰ কে ৱাই চি(KYC) প্ৰদান কৰাটো বাধ্যতামূলক হ'ব।
ভাৰতীয় বেংকৰ এ টি এমত ২,০০০ টকীয়া নোট নাথাকিব-
১ মাৰ্চৰ পৰা গ্ৰাহকসকলে ভাৰতীয় বেংকৰ এ টি এমৰ পৰা ২ হাজাৰ টকীয়া নোট উলিয়াব নোৱাৰিব । যদিও বেংকৰ কাউণ্টাৰৰ পৰা উলিয়ৈব পৰা যাব ২ হাজাৰ টকীয়া নোটবোৰ । "এ টি এমৰ পৰা নগদ ধন উলিওৱা পাচত গ্ৰাহকসকলে সৰু মূল্যৰ মুদ্ৰা নোট প্ৰদান কৰি ২ হাজাৰ টকীয়া নোট ল'বলৈ বেংক শাখালৈ আহিব পাৰিব । তাৎক্ষণিকভাৱে এ টি এমত ২ হাজাৰ টকীয়া নোটৰ লোড বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰে বেংক কৰ্তৃপক্ষই ।
পৰিৱৰ্তন হ'ব এই বেংকসমূহৰ আই এফ এছ চি (IFSC) কোড -
বিজয়া বেংক আৰু দেনা বেংকৰ একত্ৰিকৰণৰ পাচত দুয়োটা বেংকৰ আই এফ এছ চি (IFSC) কোড আজিৰে পৰা সলনি কৰা হ'ব । ইয়াৰ অৰ্থ হৈছে যে আপুনি পুৰণি আই এফ এছ চি (IFSC) কোডৰ সৈতে লেনদেন কৰিবলৈ সক্ষম নহ'ব । লগতে গ্ৰাহকসকলে ৩১ মাৰ্চ ২০২১ৰ ভিতৰত নতুন এম আই চি আৰ কোডৰ সৈতে চেক বহী লাভ কৰিব । বিজয়া বেংক আৰু দেনা বেংকে বেংক অফ বৰোদাৰ সৈতে একত্ৰিত হোৱা প্ৰক্ৰিয়া ২০১৯ৰ ১ এপ্ৰিল পৰাই কাৰ্যকৰী হৈছিল । ইয়াৰ পাচতে দেনা বেংক আৰু বিজয়া বেংক গ্ৰাহকসকল বেংক অফ বৰোদাৰ গ্ৰাহক হৈ পৰিছিল ।
এই একত্ৰীকৰণৰ পাচত পি এন এছ চিৰ আই এফ এছ চি(IFSC) কোডো সলনি হ'ব -
পাঞ্জাৱ নেচনেল বেংক আই এফ এছ চি(IFSC) সম্পৰ্কীয় নিয়মসমূহত পৰিৱৰ্তন কৰি আছে। পাঞ্জাৱ নেচনেল বেংকে ইয়াৰ সহযোগী বেংক অৰিয়েণ্টেল বেংক আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ পুৰণি চেকবুক আৰু আই এফ এছ চি(IFSC) বা এম আই চি আৰ (MICR)কোড সলনি কৰিবলৈ গৈ আছে। যদিও পূৰণি কোডবোৰে ৩১ মাৰ্চলৈকে কাম কৰিব, কিন্তু বেংকে ইয়াৰ গ্ৰাহকসকলক নতুন কোড সংগ্ৰহ কৰিবলৈ কৈছে অন্যথা সমস্যা হ'ব পাৰে তেওঁলোকৰ ।
টোলগেটসমূহত নাই বিনামূলীয়া ফাটটেগ -
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ তথ্য অনুসৰি ১ মাৰ্চ অৰ্থাত্ আজিকে পৰা গ্ৰাহকসকলে টোল গেটৰ পৰা ফাচটেগ ক্ৰয় কৰিবলৈ ১০০ টকা পৰিশোধ কৰিব লাগিব ।
আজিৰে পৰা চলিব বহুকেইখন বিশেষ ৰে'ল -
ভাৰতীয় ৰে'লৱেই ঘোষণা কৰিছে যে, হোলীৰ আগমু্হূৰ্তত ১ মাৰ্চ অৰ্থাত্ আজিৰে পৰা কেইবাখনো ৰে'ল পৰিচালনা আৰম্ভ কৰা হ'ব । উত্তৰ প্ৰদেশ আৰু বিহাৰৰ যাত্ৰীসকলে এই বিশেষ ৰে'লবোৰৰ পৰা সৰ্বাধিক সকাহ পাব । ইয়াৰ উপৰিও, পশ্চিম ৰে'লৱেয়ে বিভিন্ন পথত ২২খন নতুন বিশেষ ৰে'ল চলোৱাৰ সিদ্ধান্ত লৈছে । এই ৰে'সমূহ দিল্লী, মধ্য প্ৰদেশ, মুম্বাইকে ধৰি কেইবাটাও পথৰ মাজত চলিব ।
First published: March 01, 2021, 11:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|