
ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ অফিচিয়েল বেৱছাইটৰ তথ্য অনুসৰি, ১ ডিচেম্বৰত দিল্লীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৩.৫০ টকাকৈ বৃদ্ধি পাইছে।
ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ অফিচিয়েল বেৱছাইটৰ তথ্য অনুসৰি, ১ ডিচেম্বৰত দিল্লীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৩.৫০ টকাকৈ বৃদ্ধি পাইছে।
ডিচেম্বৰ মাহৰ প্ৰথমটো দিনতে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১৩.৫০ টকাকৈ। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ অফিচিয়েল বেৱছাইটৰ তথ্য অনুসৰি, ১ ডিচেম্বৰত দিল্লীত ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৩.৫০ টকাকৈ বৃদ্ধি পাইছে।
>> ডিচেম্বৰ মাহত দিল্লীত এতিয়া ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ দাম ৬৯৫ টকা হ’ব।
>> IOCLৰ ৱেবছাইটৰ তথ্য অনুসৰি, কলকাতাত সৰ্বাধিক ১৯.৫০ টকা প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে। কলকাতাত ৭০৬ টকাৰ চিলিণ্ডাৰৰ দাম এতিয়া হ’ব ৭২৫.৫০ টকা।
>> চেন্নাইতো প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৮টকা বৃদ্ধি পাইছে। চেন্নাইত পূৰ্বৰ ৬৯৬ টকাৰ সলনি এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ দাম হ’ব ৭১৪ টকা।
>> মুম্বাই প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছে ১৪ টকা। পূৰ্বৰ ৬৫১ টকাৰ সলনি এতিয়া ভৰিব লাগিব ৬৬৫ টকাকৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|