• Home
  • »
  • News
  • »
  • nation
  • »
  • হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য, প্ৰতিটো চিলিণ্ডাৰত কিমান কমিল?

হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য, প্ৰতিটো চিলিণ্ডাৰত কিমান কমিল?

প্ৰতিমাহৰ ১ তাৰিখে এলপিজি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হয়।

প্ৰতিমাহৰ ১ তাৰিখে এলপিজি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হয়।

প্ৰতিমাহৰ ১ তাৰিখে এলপিজি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হয়।

  • Share this:
আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিখন মেট্ৰো চহৰত আগৰ দৰেই স্থিৰে আছে, কিন্তু এলপিজি চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে। ফুৱেল ৰিটেইলাৰ্চৰ দ্বাৰা জাৰি কৰা জাননী মতে, এলপিজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্ৰাস পাইছে।

এই জাননি অনুসৰি, এতিয়া দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰ ১,৮৮৫ টকাত পোৱা যাব যি ১,৯৭৬ টকাত বৰ্তমানলৈ উপলব্ধ আছিল। উল্লেখযোগ্য যে, প্ৰতিমাহৰ ১ তাৰিখে এলপিজি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হয়।

ডিজেলত টকা হেৰুৱাইছে কোম্পানীবোৰে!

আন্তঃৰাষ্ট্ৰীয় স্তৰত তেলৰ মূল্যত সৰলতা বৰ্তোৱা বাবে ভাৰতীয় ফ্যুৱেল ৰিটেল বিক্ৰেতাসকলক পেট্ৰ’ল আৰু ঘৰুৱা ৰন্ধন গেছ এলপিজিৰ ওপৰতো ব্ৰেক–ইভেন পইণ্টত আনিছে, কিন্তু দেশৰ অধিকতম ব্যৱহৃত হোৱা ইন্ধন ডিজেলৰ ওপৰতো এতিয়াও ধন হেৰুৱাই আছে।

দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে প্ৰতিলিটাৰত ৯৬.৭২ আৰু ৮৯.৬২ টকা, চেন্নাইত ইয়াৰ মূল্য ১০২.৬৩ আৰু ৯৪.২৪ টকা; আৰু কলিকতাত প্ৰতিলিটাৰত ১০৬.০৩ আৰু ৯২.৭৬ টকা। মুম্বাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে প্ৰতিলিটাৰত ১০৬.৩১ আৰু ৯৪.২৭ টকাত বিক্ৰী কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি