
অৱশ্যে এইবাৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা নাই। বাণিজ্যিক চিলিণ্ডাৰৰ দামহে বৃদ্ধি কৰা হৈছে।
অৱশ্যে এইবাৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা নাই। বাণিজ্যিক চিলিণ্ডাৰৰ দামহে বৃদ্ধি কৰা হৈছে।
অইল মাৰ্কেটিং কোম্পানী (HPCL, BPCL, IOC)য়ে নতুন বছৰৰ প্ৰথমটো দিনতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে। কোম্পানীয়ে ডিচেম্বৰ মাহত গেছ চিলিণ্ডাৰৰ দাম দুবাৰ বৃদ্ধি কৰি ১০০ টকা বঢ়াইছিল। যাৰ পিছত ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬৪৪ টকাৰ পৰা বৃদ্ধি হৈ ৬৯৪ টকা হৈছিল। অৱশ্যে এইবাৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা নাই। বাণিজ্যিক চিলিণ্ডাৰৰ দামহে বৃদ্ধি কৰা হৈছে।
বিগত মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ৯১ টকা বৃদ্ধি কৰা হৈছিল। নৱেম্বৰ মাহত ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ উপভোক্তাই ১২৯০ টকাত লাভ কৰিছিল। ১ ডিচেম্বৰৰ পৰা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম ৯১ টকা বাঢ়িছিল আৰু চিলিণ্ডাৰৰ দাম ১৩৮১.৫০ টকা হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|