உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • LPG Cylinder Price Hike: মাহৰ প্ৰথম দিনটোতে বাঢ়িল চিলিণ্ডাৰৰ দাম, জানক কিমান

    LPG Cylinder Price Hike: মাহৰ প্ৰথম দিনটোতে বাঢ়িল চিলিণ্ডাৰৰ দাম, জানক কিমান

    কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বাঢ়িল।

    কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বাঢ়িল।

    কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বাঢ়িল।

    • Share this:
    নতুন দিল্লীঃ এলপিজি গেচ চিলিণ্ডাৰৰ (LPG Gas Cylinder) দাম মাহৰ প্ৰথম দিনটোতে বাঢ়িল। অৱশ্যে এই বৃদ্ধি ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰত বাঢ়িছে। নন চাবচিডিৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৮৮৪.৫০ টকা আছে। খাৰুৱা তেলৰ মূল্য বঢ়ালৈ চাই ধাৰণা কৰা হৈছে যে LPG চিলিণ্ডাৰৰ দাম ৯০০ টকা পাৰ হ’ব।

    ৪৩ টকা বাঢ়িল কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম।

    আনহাতে গুৱাহাটীত ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছৰ LPG চিলিণ্ডাৰৰ দাম (ৰাজসাহাৰ্যবিহীন) বৰ্তমান ৯৩৩.৫০ টকা।

    ইয়াৰ পূৰ্বে ছেপ্তেম্বৰৰ মাহৰ আৰম্ভনিত চৰকাৰী তৈল কোম্পানীসমূহে ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য বঢ়াইছিল।

    জানক দেশৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ বৰ্তমান মূল্য

    মুম্বাই ১৪.২ কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ দাম ৮৮৪.৫ টকা।

    চেন্নাইত ১৪.২ কিলোগ্ৰাম LPG চিলিণ্ডাৰ ৯০০.৫০ টকাত পাব।

    দিল্লীত১৪.২ কিলোগ্ৰাম LPG চিলিণ্ডাৰ ৮৮৪.৫০ টকাত পাব

    ১০০০টকালৈকে বাঢ়িব পাৰে চিলিণ্ডাৰৰ মূল্য

    সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি চৰকাৰৰ এক আভ্যন্তৰীন মূল্যাংকনত (Internal Assessment) সংকেত পোৱা গৈছে যে এটা এলপিজি চিলিণ্ডাৰৰ কাৰণে উপভোক্তাই ১০০০ টকালৈকে আদায় দিবলগীয়া হ’ব পাৰে।

    CNBC TV18ৰ খ‍বৰ মতে চৰকাৰে চাবচিডিক লৈ বহুবাৰ আলোচনা কৰিছে কিন্তু কোনো আঁচনি প্ৰস্তুত কৰা নাই। সূত্ৰমতে, এলপিজি চিলিণ্ডাৰৰ ক্ষেত্ৰত (LPG cylinder) চৰকাৰে দুটা স্থিতি গ্ৰহণ কৰিব পাৰে। প্ৰথমটো হৈছে চৰকাৰে বিনা চাবচিডিৰ চিলিণ্ডাৰৰ চাপ্লাই কৰিব। দ্বিতীয়টো কেতবোৰ নিৰ্বাচিত উপভোক্তাক চাবচিডিৰ সুবিধা দিয়া হ’ব। অৱশ্যে একো কথা এতিয়াও স্পষ্ট নহয়।
    First published: