ভাগ্যৰ চকা কেতিয়া কাৰ ঘূৰে কোনেও নাজানে। মাত্ৰ ৩০ টকাৰ লটাৰীৰ টিকট কাটি কোটিপতি হ’ল পশ্চিম বংগৰ দুবৰাজপুৰৰ ইছলামপুৰৰ আছৰাফিপাৰাৰ বাসিন্দা শ্বেখ এহছান (Birbhum Lottery Crorepati Winner)।
পেছাত তেওঁ এজন ফেৰীৱালা। মাটিৰ ঘৰত বসবাস কৰে। সেয়াও পৌৰসভাই দিয়া ত্ৰিপাল টানি থাকে পৰিয়ালৰ সৈতে। ঘৰত আছে মাতৃ, পিতৃ, পত্নী আৰু দুই সন্তান।
শ্বেখ এহছানে জনায়, ‘‘মই ফেৰীৰ কাম কৰো। দৈনিক ২০০ টকা উপাৰ্জন হয়। প্ৰতিদিনে ৬০ টকাৰ লটাৰীৰ টিকট কিনিছিলো। কোনোদিনেই একো পোৱা নাই। কিন্তু আজি পুৱা মই ৩০ টকাৰ টিকট কিনিছিলো। দুপৰীয়া লটাৰীৰ ফলাফল ওলোৱাত দেখিলো ১ কোটি টকা জিকিছো। মই খুব সুখী। এই টকাৰে মই সন্তানক পঢ়ুৱাম।’’
লগতে এহছানৰ পিতৃ শ্বেখ জাফৰ আলীয়ে জনায়, ‘‘মই নিজেও ফেৰী কৰি সংসাৰ চলাওঁ। সেয়ে পুত্ৰও সেই কাম কৰে। সি লটাৰীট টকা পোৱা শুনি খুব আনন্দ পাইছো।’’
এহছানৰ মাতৃ নুৰেমা বিবিয়ে জনায়, ‘‘আমাৰ আৰ্থিক অৱস্থা খুবেই বেয়া। দিনে অনা দিনে খোৱা মানুহ আমি। মাটিৰ ঘৰত থাকো। আনকি সন্তানৰ পঢ়া–শুনাও কৰাব নোৱাৰিলো। সেয়ে ফেৰীৰ কাম কৰি সংসাৰ চলাবলগীয়া হয়। সেয়ে এই টকাৰে প্ৰথমে সন্তানৰ পঢ়া–শুনা কৰোৱাম। তাৰ পিছত এটা ভাল ঘৰ বনাম।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|