ৰাজধানী দিল্লীত আকৌ বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোভিড সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দিল্লী শিক্ষা সঞ্চালকালয়ে শুকুৰবাৰে শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। "বিদ্যালয় বন্ধ কৰাটো ৱেই অন্তিম বিকল্প হ'ব। প্ৰয়োজন হ'লে আংশিক বন্ধ কাৰ্যকৰী কৰা হ'ব,"-দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই কয়।
"চৰকাৰে অধ্যয়নত অধিক ব্যাঘাত ৰখাৰ পক্ষপাতী নহয়। আমাৰ লক্ষ্য হৈছে শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ সময়ত অধ্যয়ন অব্যাহত ৰখা।" তেওঁ কয় সঞ্চালকালয়ৰ বিষয়ে অধিক বৰ্ণনা কৰি উপ মুখ্যমন্ত্ৰীয়ে কয় যে, পাঠ্যক্ৰমৰ ব্যৱধান দূৰ কৰিবলৈ গ্ৰীষ্মকালীন বন্ধৰ সময়তো শ্ৰেণীসমূহ অনুষ্ঠিত কৰা হ'ব।
উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "এতিয়ালৈকে, আমি ভবা নাই যে, কোনো সিদ্ধান্ত সলনি কৰাৰ প্ৰয়োজন আছে। কিয়নো এতিয়ালৈকে সকলো ঠিকেই চলি আছে। কোনো ডাঙৰ ঘটনা নোহোৱালৈকে, চিবিএছইয়ে ইয়াৰ সিদ্ধান্ত অব্যাহত ৰাখিব লাগে।"
ইফালে, অহা বছৰ পুনৰ মূল্যাঙ্কনৰ আৰ্হি সলনি কৰাৰ চিবিএছইৰ সিদ্ধান্তক লৈও মনীষ চিছোদিয়াই সন্দেহ প্ৰকাশ কৰে। "প্ৰণালীটো চলি থকা অনুসৰি, মূল্যাঙ্কন বছৰত দুবাৰ কৰিব লাগিব আৰু তাৰ ওপৰত আধাৰিত কৰি চূড়ান্ত ফলাফল ওলাব লাগিব। অৱশ্যে, অহা বছৰ, চি.বি.এছ.ই.-য়ে ইয়াক প্ৰত্যাহাৰ কৰিব। একক মূল্যাঙ্কনৰ আৰ্হি বজাই ৰাখিব লাগে।" তেওঁ কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|