• Home
  • »
  • News
  • »
  • nation
  • »
  • Jagannath Swami Corona Infected : কোৰোণাৰ সংক্ৰমণৰ গ্ৰাসত পৰিল প্ৰভূ জগন্নাথ, ভংগ হ'ল ৩০০ বছৰ পুৰণি পৰম্পৰা।

Jagannath Swami Corona Infected : কোৰোণাৰ সংক্ৰমণৰ গ্ৰাসত পৰিল প্ৰভূ জগন্নাথ, ভংগ হ'ল ৩০০ বছৰ পুৰণি পৰম্পৰা।

binary comment

binary comment

পুজাৰীৰ দাবী প্ৰভূ জগন্নাথৰ বেমাৰ হোৱাৰ পৰম্পৰা ৩০০ বছৰ জোৰা। এইবাৰ প্ৰভূ কোৰোণাৰ গ্ৰাসত পৰিল। সেয়ে প্ৰভূ জগন্নাথক কোৰোণাৰ ভেকচিন প্ৰদানৰো দাবী জনালে পূজাৰীয়ে।

  • Share this:
মধ্য প্ৰদেশ (Madhya Pradesh)ৰ লক্ষ্মণ বাগৰ জগন্নাথ স্বমী (Jagannath Swami)ৰ মুখত এইকেইদিন মাস্ক লগাই ৰাখিছে মন্দিৰৰ পূজাৰীয়ে। ইমানেই নহয় পূজাৰীয়ে জগন্নাথ  স্বামীক কাঢ়াও খুৱাই আছে। জগন্নাথ স্বামীৰ কোৰোণা (Corona) হোৱা বুলি দাবী কৰি মন্দিৰৰ পূজাৰীয়ে এতিয়া জগন্নাথক ভেকচিন (Vaccine) প্ৰদান কৰিবলৈও দাবী জনাইছে প্ৰশাসনক।  পূজাৰীৰ মতে স্বামী জগন্নাথৰ বেমাৰ হোৱাৰ এই পৰম্পৰা ৩০০ বছৰ ধৰি চলি আহিছে আৰু এইবাৰ তেওঁ কোৰোণাৰ দ্বাৰা সংক্ৰমিত হৈছে। পূজাৰীৰ মতে ১৫ দিনৰ কাৰণে স্বামী জগন্নাথ কোৱাৰেণ্টাইনত আছে আৰু ১৫ দিন পিছত প্ৰভূৱে চহৰ ভ্ৰমণ কৰি সকলোকে দৰ্শন দিব।

লোক বিশ্বাস মতে মধ্যপ্ৰদেশৰ ৰিৱাৰ ৰজা ৰঘূৰাজ সিংহই এবাৰ পুৰীৰ জগন্নাথ (Jagannath of Puri) প্ৰভূক দৰ্শন কৰিবলৈ যাওতে তেওঁক কুষ্ঠ ৰোগীয়ে প্ৰসাদ দিছিল। ৰজাই সেই প্ৰসাদ গ্ৰহণ নকৰাত ৰজাৰো কুষ্ঠ ৰোগ হৈছিল। তাৰ পাছতে ৰজাই প্ৰভূ জগন্নাথৰ নামত কঠোৰ তপস্যা কৰিবলৈ লয়। ৰঘূৰাজ সিংহৰ তপস্যাত প্ৰসন্ন হৈ জগন্নাথে তেওঁক ৰোগমুক্ত কৰে আৰু তেওঁৰ এটা মন্দিৰ স্থাপন কৰিবলৈ কয়। তাৰ পিছতে ৰিৱাৰ লক্ষ্ণণ বাগত এই মন্দিৰটোৰ স্থাপন কৰা হৈছিল।

কিন্তু মন্দিৰটো স্থাপনৰ পিছতে  ভগৱান জগন্নাথৰ অসুখ হোৱাৰ পৰম্পৰা আৰম্ভ হয়। পূৰ্ণিমাৰ দিনা জগন্নাথ অসুস্থ হয় আৰু তেওঁ ১৫ দিনলৈ বিশ্ৰাম গৃহত প্ৰবেশ কৰে। এই সময়ত ভগৱান জগন্নাথ স্বামীৰ চিকিৎসা ৰাজ বৈদ্যৰ দ্বাৰা কৰোৱা হয়। কিন্তু এইবাৰ লুৰ কাৰণে নহয়, জগন্নাথ অসুস্থ হৈছে কোৰোণাৰ কাৰণে। যাৰ বাবে প্ৰভূ জগন্নাথে মাস্ক পৰিধান কৰিছে আৰু আনকো কোৰোণাৰ পৰা বাচি থাকিবলৈ প্ৰেৰণা দিছে।
Published by:Manjumoni Borah
First published: