মায়াবতীৰ দাবী– প্ৰধানমন্ত্ৰী পদৰ মই প্ৰৱল দাবীদাৰ

নিজৰ গুণ বখানি মায়াবতীয়ে ক’লে যে নিকা আছিল মোৰ ৪ বাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল।

Dulu Medhi | news18assam
Updated:May 17, 2019, 10:18 AM IST
মায়াবতীৰ দাবী– প্ৰধানমন্ত্ৰী পদৰ মই প্ৰৱল দাবীদাৰ
নিজৰ গুণ বখানি মায়াবতীয়ে ক’লে যে নিকা আছিল মোৰ ৪ বাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল।
Dulu Medhi | news18assam
Updated: May 17, 2019, 10:18 AM IST
লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ২৩ মে’ত। কিন্তু তাৰ পূৰ্বেই নেতাসকলে প্ৰধানমন্ত্ৰী পদৰ বাবে নিজৰ দাবীদাৰী প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াবতীয়ে দাবী কৰিলে যে তেওঁ প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰৱল দাবীদাৰ।

‘বিকাশৰ ক্ষেত্ৰত বহুজন সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ ছবিয়ে সলনি কৰি দিছে। লক্ষ্ণৌৰ সৌন্দৰ্যবৰ্ধণ হৈছে। ইয়াৰ আধাৰত ক’ব পাৰি যে ৰাইজৰ কল্যাণ আৰু দেশৰ বিকাশৰ খাতিৰত BSPৰ ৰাষ্ট্ৰীয় অধ্যক্ষ প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য। যদিও নৰেন্দ্ৰ মোদী অযোগ্য।’

নিজৰ গুণ বখানি মায়াবতীয়ে ক’লে যে নিকা আছিল মোৰ ৪ বাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল। লগতে তেওঁ আইনী ব্যৱস্থাৰে ৰাইজৰ হকে কাম কৰি গৈছে।

বিগত দিনত ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী (NCP)ৰ প্ৰধান শাৰদ পাৱাৰে প্ৰধানমন্ত্ৰী পদৰ বাবে বিৰোধীৰ ৩ গৰাকীৰ নেতাৰ বাবে সমৰ্থন জনাইছিল। য’ত তেওঁ মায়াবতীৰ নামো উচ্চাৰণ কৰিছিল। পাৱাৰে এক সাক্ষাৎকাৰৰ জৰিয়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডু আৰু BSPৰ নেত্ৰী মায়াবতীক সমৰ্থন জনাইছিল। ইয়াৰোপৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা SPৰ মুৰব্বী অখিলেশ যাদৱেও মায়াবতীক প্ৰধানমন্ত্ৰী পদৰ বাবে সম্ভাব্য প্ৰাৰ্থী বুলি ঘোষণা কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি