মালগাড়ীত প্ৰচণ্ড খুন্দা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত, ২০জনৰো অধিক যাত্ৰী আহত

News18 Assam | News18-Assam
Updated:January 16, 2020, 9:48 AM IST
মালগাড়ীত প্ৰচণ্ড খুন্দা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত, ২০জনৰো অধিক যাত্ৰী আহত
কটকত ৰে’ল দুৰ্ঘটনা।

কটকত ৰে’ল দুৰ্ঘটনা।

  • Share this:
পুৱাই ওড়িশাৰ কটকত ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত ২০জনৰো অধিক যাত্ৰী আহত হৈছে। ইয়াৰে ৬জন যাত্ৰীৰ অৱস্থা অতি সংকটজনক। এই দুৰ্ঘটনা কটকৰ নৰগুণ্ডি ৰে’লৱে ষ্টেশ্যনৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। মুম্বাই–ভুৱনেশ্বৰ লোকমান্য তিলক টাৰ্মিনেছ এক্সপ্ৰেছ (Mumbai-Bhubaneswar Lokmanya Tilak Terminus Express) ৰে’লপথৰ পৰা লাইনচ্যুত হয়। মুঠ ৮টা ডবা লাইনচ্যুত হয়। মালগাড়ীৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা কোৱা হৈছে। আহতসকলক স্থানীয় এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। যথেষ্ট কুঁৱলীৰ মাজত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰশাসনে 0674-1072 আৰু 0671-1072 এই দুই হেল্পলাইন জাৰি কৰিছে।



ৰে’ল দুৰ্ঘটনাৰ খবৰ হেল্পলাইন নম্বৰ ১০৭২ৰ পৰাও লাভ কৰিব। ইষ্ট কষ্ট ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই কোৱা মতে চালাগাঁৱৰ সমীপত লোকমান্য তিলক এক্সপ্ৰেছৰ আহত লোকসকলক সহায় কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি