লোকসভাত নিমাত একাংশ নৱনিৰ্বাচিত সাংসদ, মৌনতা ভংগৰ আহ্বান অধ্যক্ষৰ

টুইটাৰযোগে সাংসদসকলক এই আহ্বান জনাইছে লোকসভাৰ অধ্যক্ষই।

news18assam
Updated:July 3, 2019, 9:57 PM IST
লোকসভাত নিমাত একাংশ নৱনিৰ্বাচিত সাংসদ, মৌনতা ভংগৰ আহ্বান অধ্যক্ষৰ
টুইটাৰযোগে সাংসদসকলক এই আহ্বান জনাইছে লোকসভাৰ অধ্যক্ষই।
news18assam
Updated: July 3, 2019, 9:57 PM IST
মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন লোকসভাৰ অধিৱেশন চলি আছে। বহু নৱনিৰ্বাচিত সাংসদে সদনত উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ বিষয়। অসমৰ পৰা নিৰ্বাচিত হৈ সংসদলৈ যোৱা সাংসদসকলকো সক্ৰিয় ৰূপত দেখা গৈছে। পল্লৱ লোচন দাস, প্ৰদ্যুৎ বৰদলৈ, তপন কুমাৰ গগৈকে ধৰি অসমৰ নৱনিৰ্বাচিত সাংসদসকলে লোকসভাত দাঙি ধৰিছে ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা। কিন্তু তাৰ বিপৰীতে নতুনকৈ সংসদলৈ যোৱা একাংশ মহিলা সাংসদক মৌন হৈ থকা দেখা গৈছে সাংসদত।

লোকসভাত মৌন হৈ থকা নৱনিৰ্বাচিত সাংসদক কথা ক’বলৈ আহ্বান জনাইছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। টুইটাৰযোগে সাংসদসকলক এই আহ্বান জনাইছে লোকসভাৰ অধ্যক্ষই। টুইটাৰত লোকসভাৰ অধ্যক্ষই লিখিছে – সংসদত ৪৬ গৰাকী মহিলা সাংসদ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ আহিছে। ইয়াৰ ভিতৰত ১৩ গৰাকী সাংসদে এতিয়ালৈকে সদনত কথা কোৱা নাই। তেওঁলোকক সদনৰ কাম–কাজত অংশগ্ৰহণৰ আহ্বান জনাইছো। বিশেষকৈ নৱনিৰ্বাচিত সাংসদসকললৈ মোৰ বিশেষভাৱে আহ্বান যে সদনৰ মৰ্যাদা বুজি ইয়াৰ গৰিমা অটুট ৰাখক।

আৰু চাওক পৰৱৰ্তী বাতৰি