চলিত সংসদৰ শীতকালীন অধিৱেশনত ডিচেম্বৰৰ ১৫ তাৰিখে লোকসভাত তামিলনাডুৰ দুই পাহাৰীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা বিধেয়ক গৃহীত হয়। লোকসভাত মৌখিক ভোটত গৃহীত হোৱা সংবিধান (অনুসূচিত জনজাতি) ক্ৰম (দ্বিতীয় সংশোধনী) বিধেয়ক ২০২২ বিলখনৰ যোগেদি তামিলনাডুৰ নাৰীকৰাভান, কুৰিভিক্কৰণ জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰাৰ পথ প্ৰশস্ত হ’ল।
এতিয়া ৰাজ্যসভাত গৃহীত হোৱাৰ আৰু ৰাষ্ট্ৰপতি অনুমোদনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হ'লেই এই দুই জনগোষ্ঠীয়ে জনাজাতিৰ মৰ্যাদা লাভ কৰিব। লোকসভাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই বিধেয়কখন মতদানৰ কাৰণে আগবঢ়াই দিয়ে।
বিধেয়কখন গৃহীত হোৱাৰ আগ মুহূৰ্তত দিয়া সামৰণী ভাষণত মুণ্ডাই কয়– তামিলনাডুৰ জনসংখ্যা হৈছে ৭ কোটি আৰু এই দুই জনগোষ্ঠীৰ সদস্যৰ সংখ্যা হৈছে মাথোঁ ২৭০০০; তেওঁলোকক সমমৰ্যাদা প্ৰদান কৰাত গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপলব্ধি কৰে।'' তেওঁ লগতে কয় –“আমি ১৩০ কোটি মানুহৰ এখন দেশৰ ২৭০০০ লোকৰ এটা জনগোষ্ঠীৰ উত্তৰণৰ কথা ভাবিছোঁ। এই কথাই প্রমাণ কৰে এইখন চৰকাৰৰ লক্ষ্য।“
উল্লেখযোগ্য যে এই জনগোষ্ঠীৰ লোকসকলে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। চিকাৰ অবৈধ হোৱাৰ পিছত তেওঁলোকে টেণ্ডু পাত সংগ্ৰহ কৰি জীৱন নির্বাহ কৰিবলৈ আৰম্ভ কৰে ।
বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাৰ সময়ছোৱাত অসমৰ কোনো সাংসদে ৰাজ্যৰ ৬জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়তো উত্থাপন নকৰিলে। ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰৰ NCPৰ সদস্য সুপ্ৰিয়া চুলেয়ে জনজাতিৰ মৰ্যাদা বিচাৰি থকা সকলো বৈশিষ্ট্য পৰিপূৰ্ণ কৰা জনগোষ্ঠীক এখন বিধেয়ক গৃহীত কৰি একেলগে ST কৰাৰ দাবী উত্থাপন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।