লোকসভা নিৰ্বাচন : প্ৰধানমন্ত্ৰী মোদীৰ লগতে সপ্তম পৰ্যায়ত কোন কোন হেভিৱেট প্ৰাৰ্থী?

News18-Assam
Updated:May 19, 2019, 7:50 AM IST
লোকসভা নিৰ্বাচন : প্ৰধানমন্ত্ৰী মোদীৰ লগতে সপ্তম পৰ্যায়ত কোন কোন হেভিৱেট প্ৰাৰ্থী?
সপ্তম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰাণসী সমষ্টিতো অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ইফালে, ৭ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভাগ্যও ই ভি এমত বন্দী হ’ব আজি।

সপ্তম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰাণসী সমষ্টিতো অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ইফালে, ৭ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভাগ্যও ই ভি এমত বন্দী হ’ব আজি।

  • Share this:
আজি ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। অন্তিম পৰ্যায়ত ৭ ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৫৯খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। সপ্তম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰাণসী সমষ্টিতো অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ইফালে, ৭ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভাগ্যও ই ভি এমত বন্দী হ’ব আজি।

সপ্তম পৰ্যায়ত পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৩খনকৈ, পশ্চিম পংগৰ ৯খন, বিহাৰ আৰু মধ্য প্ৰদেশৰ ৮খনকৈ, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ একমাত্ৰ আসনখনৰ বাবে হ’ব ভোটগ্ৰহণ।

অন্তিম পৰ্যায়ৰ হেভিৱেট প্ৰাৰ্থী :

উত্তৰ প্ৰদেশ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (বাৰাণসী), বিজেপি নেতা মনোজ সিনহা (গাজিপুৰ, উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি মহেন্দ্ৰ নাথ পাণ্ডে (চান্দৌলী), অপনা দলৰ নেত্ৰী অনুপ্ৰিয়া (মিৰ্জাপুৰ), বিজেপি নেতা ৰবি কিষাণ (গোৰখপুৰ)।

বিহাৰ
কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ (পাটনা ছাহিব), কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহা (পাটনা ছাহিব), বিজেপি নেতা ৰামকৃপাল যাদৱ (পাটলিপুত্ৰ), আৰ জে ডি নেতা মীছা ভাৰতী (পাটলিপুত্ৰ), বিজেপি নেতা আৰ কে সিং (আৰা), অশ্বিনী চৌবে (বকছৰ)।

মধ্য প্ৰদেশ
বিজেপিৰ ৰাজ্যিক সভাপতি নন্দকুমাৰ সিং চৌহান (খণ্ডৱা), কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি অৰুণ যাদৱ (খণ্ডৱা), কংগ্ৰেছ নেতা কান্তিলাল ভুৰিয়া (ৰতলাম)।

চণ্ডীগড়
বিজেপি নেতা কিৰণ খেৰ (চণ্ডীগড়), কংগ্ৰেছ নেতা পি কে বাঞ্চাল (চণ্ডীগড়)।

ঝাৰখণ্ড
প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেন (দুমকা)

পঞ্জাব
বিজেপি নেতা ছানী দেউল (গুৰদাসপুৰ), কংগ্ৰেছৰ ৰাজ্যিক সভাপতি সুনীল জাখড় (গুৰদাসপুৰ), আকালী দলৰ নেতা সুখবীৰ বাদল (ফিৰোজপুৰ), আকালী দলৰ নেতা হৰসিমৰত কৌৰ (বঠিণ্ডা), বিজেপি নেতা হৰদীপ পুৰী (অমৃতসৰ), কংগ্ৰেছ নেতা পৰণীত কৌৰ (পাটিয়ালা), কংগ্ৰেছ নেতা মনীষ তিৱাৰী (আনন্দপুৰ ছাহিব)।

পশ্চিম বংগ
তৃণমূল নেতা অভিষেক বেনাৰ্জী (ডাইমণ্ড হাৰ্বাৰ)।

হিমাচল প্ৰদেশ
বিজেপি নেতা অনুৰাগ ঠাকুৰ (হামিৰপুৰ)
আৰু চাওক
পৰৱৰ্তী বাতৰি