• Home
  • »
  • News
  • »
  • nation
  • »
  • মোদী চৰকাৰৰ ১০০ দিনৰ একচন প্লেন প্ৰস্তুত, ৭৫ হাজাৰ পদত হ’ব নিযুক্তি

মোদী চৰকাৰৰ ১০০ দিনৰ একচন প্লেন প্ৰস্তুত, ৭৫ হাজাৰ পদত হ’ব নিযুক্তি

নতুন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ একচন প্লেন প্ৰস্তুত কৰিছে। একচন প্লেনত চাকৰি আৰু কৃষকৰ গুৰুত্ব প্ৰদান কৰা হৈছে।

নতুন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ একচন প্লেন প্ৰস্তুত কৰিছে। একচন প্লেনত চাকৰি আৰু কৃষকৰ গুৰুত্ব প্ৰদান কৰা হৈছে।

নতুন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ একচন প্লেন প্ৰস্তুত কৰিছে। একচন প্লেনত চাকৰি আৰু কৃষকৰ গুৰুত্ব প্ৰদান কৰা হৈছে।

  • Share this:
    লোকসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পিছতে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ কেবিনেটে ৩০ মে’ত শপত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে নতুন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ একচন প্লেন প্ৰস্তুত কৰিছে। একচন প্লেনত চাকৰি আৰু কৃষকৰ গুৰুত্ব প্ৰদান কৰা হৈছে। এই একচন প্লেনত মোদী চৰকাৰৰ আধৰুৱা কামসমূহ আগবঢ়োৱাৰো নীতি নিৰ্ধাৰণ কৰা হৈছে।

    প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা মতে, কেন্দ্ৰীয় চৰকাৰে সকলো মন্ত্ৰণালয় আৰু বিভাগত খালী হৈ থকা পদ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবেদন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰায় ৭৫ হাজাৰ এনে পদ আছে, যিসমূহ শীঘ্ৰে পূৰণ কৰা প্ৰয়োজন। মন্ত্ৰণালয় আৰু বিভাগসমূহৰ পৰা ৩০ মে’লৈ খালী হৈ থকা চৰকাৰী পদসমূহৰ সবিশেষ বিচৰা হৈছে। ইয়াৰ বাবে চৰকাৰে ষ্টাফ ছিলেকচন কমিচন (SSC)ৰ পৰীক্ষা অনুষ্ঠিত কৰি এই পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিব পাৰে।

    উল্লেখযোগ্য যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, কেন্দ্ৰীয় সচিবালয়, পৰিবহণ বিভাগ, নগৰ উন্নয়ন বিভাগ আৰু ৰে’ল মন্ত্ৰণালয়ত পূৰণ কৰা হ’ব খালী পদ।

    ৩১ মে’ত প্ৰথম কেবিনেট বৈঠক :
    সূত্ৰ অনুসৰি, শপত গ্ৰহণৰ পিছত মোদী চৰকাৰে ৩১ মে’ত অনুষ্ঠিত কৰিব প্ৰথমখন কেবিনেট বৈঠক। নতুন চৰকাৰৰ আটাইতকৈ ডাঙৰ লক্ষ্য হ’ব ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰা। ইয়াৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে ১০০ লাখ কোটি টকা খৰচ কৰা হ’ব পাৰে। ইফালে, কৃষি আৰু গ্ৰামাঞ্চলত ২৫ লাখ কোটি টকা খৰচ কৰা হ’ব। ২০২২ চনলৈ কৃষকৰ আয় দুগুণ কৰা হ’ব বুলি কৰা ঘোষণা পূৰণ কৰিব লাগিব।
    First published: