সাতখন ৰাজ্যৰ ৫৯খন আসনত আজি ভোটদান, নিৰ্ধাৰণ হ’ব এইকেইজন মহাৰথীৰ ভাগ্য

ষষ্ঠ পৰ্যায়ত দিল্লীৰ সাতখন, হাৰিয়ানাৰ ১০খন, উত্তৰ প্ৰদেশৰ ১৪খন, মধ্য প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ ৮–৮খন আসনত আৰু ঝাৰখণ্ডৰ চাৰিখন আসনত ভোটদান হৈছে।

news18assam
Updated:May 12, 2019, 10:08 AM IST
সাতখন ৰাজ্যৰ ৫৯খন আসনত আজি ভোটদান, নিৰ্ধাৰণ হ’ব এইকেইজন মহাৰথীৰ ভাগ্য
ষষ্ঠ পৰ্যায়ত দিল্লীৰ সাতখন, হাৰিয়ানাৰ ১০খন, উত্তৰ প্ৰদেশৰ ১৪খন, মধ্য প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ ৮–৮খন আসনত আৰু ঝাৰখণ্ডৰ চাৰিখন আসনত ভোটদান হৈছে।
news18assam
Updated: May 12, 2019, 10:08 AM IST
ষষ্ঠ পৰ্যায়ৰ কাৰণে দেওবাৰে ৭খন ৰাজ্যৰ ৫৯খন আসনত ভোটযুদ্ধ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত একাংশ হাইপ্ৰফাইল আসনতো জোৰদাৰ যুঁজ হ’ব। এই পৰ্যায়ত বহুকেইখন স্পৰ্শকাতৰ কেন্দ্ৰও আছে য’ত বুলেটপ্ৰুফ জেকেট পৰিহিত কামাণ্ডোৰ কটকটীয়া নিৰাপত্তাৰ মাজত ভোটদান হৈছে।

ষষ্ঠ পৰ্যায়ত দিল্লীৰ সাতখন, হাৰিয়ানাৰ ১০খন, উত্তৰ প্ৰদেশৰ ১৪খন, মধ্য প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ ৮–৮খন আসনত আৰু ঝাৰখণ্ডৰ চাৰিখন আসনত ভোটদান হৈছে। মুঠ ১০কোটি ১৭লাখ ভোটদাতাই নিজৰ মতাধিকাৰ সাব্যস্ত কৰিব। ৯৭৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ১লাখ ১৩হাজাৰ ভোটকেন্দ্ৰত।

এই পৰ্যায়ৰ ভোটযুদ্ধ বিজেপিৰ কাৰণে তাৎপৰ্যপূৰ্ণ কাৰণ বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে এইকেইখন আসনৰ ৪৫খনত জয়লাভ কৰিছিল। তৃণমূল কংগ্ৰেছে আঠখন, কংগ্ৰেছে দুখন আৰু সপা তথা লোজপাই এখনকৈ আসন লাভ কৰিছিল।

বিজেপিৰ কাৰণে এই পৰ্যায় আন এটা কাৰণতো তাৎপৰ্যপূৰ্ণ। ফুলপুৰ আৰু গোৰখপুৰৰ আসনো এই পৰ্যায়ত নিৰ্ধাৰণ হ’ব। এইদুইখন আসনৰ উপ নিৰ্বাচনত বিজেপিয়ে পৰাজয়ৰ মুখ দেখা পাবলগীয়া হৈছিল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে যোগী আদিত্যনাথে ১৯৯৮চনৰ পৰা ২০১৭চনলৈকে গোৰখপুৰৰ পৰা একেৰাহে জিকি আহিছিল। আনহাতে ফুলপুৰত বিজেপিয়ে ২০১৪চনত প্ৰথম জয় লাভ কৰিছিল। সেই সময়ত উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই তাত জয়ী হৈছিল। ফুলপুৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ লোকসভা সমষ্টি।

এইকেইগৰাকী মহাৰথীৰ ভাগ্য নিৰ্ধাৰণ হ’ব

আজমগঢ়ত সমজবাদী পাৰ্টীৰ অখিলেশ যাদৱ আৰু বিজেপিৰ প্ৰাৰ্থী দিনেশ লাল যাদৱ ওৰফে নিৰহুৱাৰ মাজত যুঁজ। এলাহাবাদত কংগ্ৰেছৰ যোগেশ শুক্লা আৰু বিজেপিৰ ৰীতা বহুগুণাৰ মাজত যুঁজ।

চুলতানপুৰত বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীৰ সন্মুখত আছে কংগ্ৰেছৰ সঞ্জয় সিং। ভূপাল আসনত কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিং আৰু বিজেপিৰ প্ৰত্যাশী সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰৰ মাজত যুঁজ। মধ্য প্ৰদেশৰ গুণাত কংগ্ৰেছৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰতিদ্বন্দিতা বিজেপিৰ কে পি যাদৱৰ সৈতে।
আৰু চাওক পৰৱৰ্তী বাতৰি