শপতগ্ৰহণৰ পিছত আজি মোদী কেবিনেটৰ প্ৰথমখন বৈঠক, দপ্তৰ বিতৰণৰ সম্ভাৱনা

দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বৈঠকত মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰাৰো সম্ভাৱনা আছে।

news18assam
Updated:May 31, 2019, 8:47 AM IST
শপতগ্ৰহণৰ পিছত আজি মোদী কেবিনেটৰ প্ৰথমখন বৈঠক, দপ্তৰ বিতৰণৰ সম্ভাৱনা
দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বৈঠকত মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰাৰো সম্ভাৱনা আছে।
news18assam
Updated: May 31, 2019, 8:47 AM IST
বৃহস্পতিবাৰে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ লগতে শপতগ্ৰহণ কৰে ৫৭গৰাকী মন্ত্ৰীয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰোৱালে পদ আৰু গোপনীয়তাৰ শপত বাক্য। শপতগ্ৰহণৰ পিছত আজি অনুষ্ঠিত হ’ব মোদী চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক।

দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বৈঠকত মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰাৰো সম্ভাৱনা আছে। উল্লেখযোগ্য যে নতুন মন্ত্ৰীসভাত ৫৭গৰাকী মন্ত্ৰীৰ ভিতৰত ২৪ গৰাকী কেবিনেট মন্ত্ৰী, ২৫ গৰাকী ৰাজ্য মন্ত্ৰী আৰু ৯ গৰাকী স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আছে।

কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত লোৱা শীৰ্ষ নেতাসকলৰ ভিতৰত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, ডি ভি সদানন্দ গৌড়া, নিৰ্মলা সীতাৰমন আৰু ৰামবিলাস পাছোৱান। মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ কেইবাগৰাকীও মন্ত্ৰীক নতুন মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হৈছে। তাৰ ভিতৰত আছে সুষমা স্বৰাজ, অৰুণ জেটলী, ৰাজ্যবৰ্ধন সিং ৰাথো আৰু মেনকা গান্ধী।
আৰু চাওক পৰৱৰ্তী বাতৰি