৩০ এপ্ৰিল পৰ্যন্ত বৃদ্ধি হ’ব পাৰে ল’ক ডাউন! পৰিকল্পনা প্ৰস্তুতৰ বাবে বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

News18 Assam | News18-Assam
Updated:April 11, 2020, 11:27 AM IST
৩০ এপ্ৰিল পৰ্যন্ত বৃদ্ধি হ’ব পাৰে ল’ক ডাউন! পৰিকল্পনা প্ৰস্তুতৰ বাবে বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে

ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে

  • Share this:
দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে ৭,৪৩৯ জন। বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ৪০ জনে। এনেদৰে এতিয়া ল’ক ডাউনৰ মাজতো প্ৰতিদিনেই কোৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি সঁচাকৈয়ে উদ্বেগজনক। ইফালে অহা ১৪ এপ্ৰিলত অন্ত পৰিব ল’ক ডাউন। কিন্তু কোৰোণাৰ এই ভয়াৱহতালৈ চাই ল’ক ডাউন বৃদ্ধি কৰাৰ আছে পূৰ্ণ সম্ভাৱনা। অহা ৩০ এপ্ৰিললৈকে দেশত ল’ক ডাউন বাহাল থাকিব বুলি এতিয়া চৰ্চা চলিছে।

ইফালে আজি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উক্ত বৈঠকতে ল’ক ডাউনৰ সময় সীমা বৃদ্ধি কৰা হ’বনে নহয়, সেই লৈ চুড়ান্ত সিদ্ধান্তত উপনীত হ’ব বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা হৈছে।


ইফালে বহু কেইখন ৰাজ্যই দেশত ল’ক ডাউন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। উৰিষ্যা, পঞ্জাৱে ইতিমধ্যে বৃদ্ধি কৰিছে ল’ক ডাউনৰ সীমা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকতো প্ৰায় ৮০ শতাংশ ৰাজনৈতিক নেতাই কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ চাই লক ডাউনৰ সীমা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল।

কিন্তু ল’ক ডাউনৰ ফলত এতিয়া ব্যাপক ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি। সেই দিশলৈ লক্ষ্য ৰাখি কিছু কিছু ক্ষেত্ৰত লক ডাউন শিথিল কৰাৰো পূৰ্ণ সম্ভাৱনা আছে। এই সম্পৰ্কত বৃহস্পতিবাৰে বিশেষ ইংগিত প্ৰদান কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: April 11, 2020, 11:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি