• Home
  • »
  • News
  • »
  • nation
  • »
  • ল’ক ডাউন ৪.০ঃ বন্ধ থাকিব স্কুল-কলেজ, চিনেমা হল, কিন্তু...

ল’ক ডাউন ৪.০ঃ বন্ধ থাকিব স্কুল-কলেজ, চিনেমা হল, কিন্তু...

ফটো সৌজন্যঃইণ্টাৰনেট

ফটো সৌজন্যঃইণ্টাৰনেট

৩১ মে’লৈকে ল’ক ডাউন বৃদ্ধি

  • Share this:
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৩১ মে’লৈকে ল’ক ডাউন বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰিছে। ল’ক ডাউনৰ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিছে নতুন গাইড লাইন।

কি কি আছে গাইড লাইনতঃ

  • স্কুল, কলেজ শিক্ষানুষ্ঠান, কোচিং চেণ্টাৰ বন্ধ থাকিব। কিন্তু অনলাইন ক্লাছ চলি থাকিব।

  • মেট্ৰ’ ৰে’ল সেৱা, বিমান সেৱা বন্ধ থাকিব।

  • চিনেমা হল, জিম, শ্বপিং মল বন্ধ থাকিব।

  • বন্ধ থাকিব সকলো ধৰণৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান। সামাজিক দুৰত্ব বজাই ৰখাতো বাধ্যতামূলক।

  • অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন চলিব পাৰিব।

  • সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ থাকিব সান্ধ্য আইন।

  • ৬৫ৰ উৰ্ধৰ, ১০ বছৰৰ তলৰ শিশুৱে ৰাজহুৱা স্থানত চলা-ফুৰা কৰিব নোৱাৰিব।

  • ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ থাকিব।

  • আন্তঃৰাজ্যিক পৰিবহণ ব্যৱৱস্থা, বাছ সেৱাত অনুমতি। কিন্তু দুয়োখন ৰাজ্যৰ পাৰস্পৰিক বুজা পৰাৰ ভিত্তিত।

  • ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি আন্তঃ জিলা পৰিবহণৰ অনুমতি।


ৰেড জ’ন, গ্ৰীণ জ’ন, অৰেঞ্জ জ’নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব। কিন্তু এই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক অৱগত কৰিব লাগিব।
First published: