দিল্লীত পুনৰ লকডাউন বৃদ্ধি, ১৭ মে’ৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন

News18 Assam | News18-Assam
Updated:May 9, 2021, 5:07 PM IST
দিল্লীত পুনৰ লকডাউন বৃদ্ধি, ১৭ মে’ৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন
এইবাৰ লকডাউন অধিক কঠোৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। (প্ৰতীকী ফটো)

এইবাৰ লকডাউন অধিক কঠোৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। (প্ৰতীকী ফটো)

  • Share this:
দিল্লীত পুনৰ লকডাউন বৃদ্ধি। ১৭ মে’ৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন। পূৰ্বে ১০ মে’লৈ লকডাউন বৃদ্ধি কৰা হৈছিল দেশৰ ৰাজধানীত। এইবাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব মেট্ৰ’ সেৱা। এইবাৰ লকডাউন অধিক কঠোৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

যোৱা ২৪ ঘণ্টাত দিল্লীৰ পৰিস্থিতি কিছু উন্নত হৈছে। বিগত ২৪ ঘণ্টাত দিল্লীত আক্ৰান্তৰ সংখ্যা ১৩,৩৩৬। পৰীক্ষা কৰা হৈছে ৬১,৫৫২জনৰ। Positivity Rate হৈছে ২১.৬৭শতাংশ। আনহাতে সুস্থ হোৱা আৰু হাস্পতাল এৰা লোকৰ সংখ্যা ১৪,৭৩৮জন। মৃত্যু হৈছে ২৭৩জনৰ।
Published by: Sanjay Kumar Das
First published: May 9, 2021, 5:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি