ভাৰত-ম্যানমাৰ সীমান্তৰ ম্যানমাৰৰ দিশে একাংশ উগ্ৰপন্থী সংগঠনে কেম্প স্থাপন কৰি ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই অহা বিষয়টো বিভিন্ন সময়ত চৰ্চালৈ আহিছে। নাগালেণ্ডৰ নকলাক জিলাও তেনে এটা অঞ্চল, যত আছে ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা।
আছাম ৰাইফলছৰ নিৰীক্ষণত থকা নকলাকৰ এই সীমান্তৰ সিটো পাৰে থকা ম্যানমাৰৰ দুৰ্গম অঞ্চলৰ পৰা একাংশ উগ্ৰপন্থী গোটে নকলাকৰ বহু অঞ্চলত চলাই অহা সন্ত্ৰাসবাদী কাৰ্যকলাপে শেহতীয়াকৈ অতিষ্ঠ কৰি তুলিছে অঞ্চলটোৰ সহজ–সৰল লোকসকলক। এই অতিকৈ স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলটোত চৰকাৰে বিশেষ কোনো নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ম্যানমাৰৰ বাহৰ পাতি থকা উগ্ৰপন্থী গোটসমূহৰ বাবে এই অঞ্চলটো একপ্ৰকাৰ ৰম্যভূমি।
কিন্তু ইয়াৰ নেতিবাচক ফলসমূহ ভগাই ল'ব লগা হৈছে সীমান্তত বসবাস কৰা দুয়োখন দেশৰ সাধাৰণ লোকসকলে। সেয়েহে অতিষ্ঠ হৈ পৰা এই সীমান্তত বসবাস কৰা লোকসকলে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ বিশেষ আহ্বান জনাইছে। চৰকাৰে যদিহে এইক্ষেত্ৰত সঁহাৰি জনায় তেন্তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এয়া হ'ব পাৰে এক মোক্ষম আঘাত।
যি সময়ত দেশজুৰি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে, সেই সময়তো কিন্তু দেশৰ উত্তৰ–পূব প্ৰান্তত এনে বহু অঞ্চল আছে য'ৰ বাসিন্দাসকলে উন্নয়নৰ বাবে হাবাথুৰি খাই ফুৰিব লগা হৈছে। দেশৰ পূব প্ৰান্তৰ তেনে এটি অঞ্চল হ'ল নাগালেণ্ডৰ ম্যানমাৰ সীমান্তত থকা নকলাক জিলাৰ এক বৃহৎ অঞ্চল।
দেশৰ অতিকৈ স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত নাগালেণ্ডৰ নকলাক জিলা আৰু ম্যানমাৰ সীমান্তত থকা বহুকেইখন গাঁৱৰ বাসিন্দাই উন্নয়নৰ নামত কেৱল প্ৰহসনৰ সন্মুখীন হৈ আহিছে। ভূতৰ ওপৰত দানহ পৰাদি অঞ্চলটোত প্ৰায়ে একাংশ উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা কুটাঘাতী কাৰ্যকলাপে অঞ্চলবাসীক উন্নয়নৰ পৰা অধিক আঁতৰাই আনিছে।
এই বাতৰি সংগ্ৰহ কৰিবলৈ আমি যেতিয়া যোৰহাটৰ পৰা প্ৰায় ১৮ ঘন্টা অতি দুৰ্গম পথেৰে যাত্ৰা কৰি সীমান্তৰ ডেন আইটিচি ভিলেজত উপস্থিত হৈছিলোঁ। তেতিয়া সীমান্তবাসীৰ সৈতে কথা পাতিয়েই বুজিব পাৰিছিলোঁ অতিকৈ অনগ্ৰসৰ এই অঞ্চলটোৰ লোকসকলৰ মৰ্মবেদনা। নাগালেণ্ডৰ নকলাক জিলাৰ ম্যানমাৰ সীমান্তত বসবাস কৰা বহু সংখ্যক লোকৰ বাবে উন্নয়ন যেন এক সপোনহে। বছৰ বছৰ ধৰি হাবাথুৰি খাই অহা উন্নয়নৰ বিপৰীতে একাংশ উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপে দীৰ্ঘদিন ধৰি অঞ্চলটোক উন্নয়নৰ মূল সুঁতিৰ পৰা আঁতৰাই ৰাখিছে। অৱশেষত এইবাৰ উন্নয়নৰ দাবী লৈ এইসকল লোকে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গ্ৰহণ কৰিলে এক বিশেষ পদক্ষেপ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নাগালেণ্ড ভ্ৰমণৰ সময়তে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলটোৰ শ শ নগা লোক । এক চেপা উত্তেজনাৰ মাজত অহৰ্নিশে জীৱন অতিবাহিত কৰি অতিষ্ঠ হৈ পৰা এই সীমান্ত অঞ্চলৰ ৰাইজ অৱশেষত ৰাজপথলৈ ওলাই আহে চৰকাৰলৈ এক বিশেষ আহ্বান লৈ । নকলাক জিলাৰ ম্যানমাৰ সীমান্তত থকা নিউ পাংছা , পাংছা অল্ড , ৱনথয় , ডেন ভিলেজ আৰু ডেন আইটিচিৰ বাসিন্দাসকল সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহে ১৫ চেপ্টেম্বৰৰ দুপৰীয়া । বৃহৎ সীমান্ত অঞ্চলটোৰ পাংছা পাব্লিক অৰগেনাইজেচন আৰু অল পাংছা ষ্টুডেন্টছ অৰগেনাইজেচনৰ উদ্যোগত ৰাজপথলৈ ওলাই আহে ৰাইজ।
লগতে এইসকল লোকে চৰকাৰক দাবী জনাইছে অঞ্চলটোত স্তব্ধপ্ৰায় হৈ পৰা উন্নয়নমূলক কাম–কাজসমূহ আৰম্ভ কৰিবলৈ । এইক্ষেত্ৰত ম্যানমাৰৰ দিশে বসবাস কৰা লোকসকলেও নকলাকৰ লোকসকলক সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে । ম্যানমাৰত বসবাস কৰা সীমান্তৰ বাসিন্দাসকলৰ সহযোগত নাগালেণ্ডৰ এইসকল লোকে কোনো ক্ষেত্ৰতে উগ্ৰপন্থী সংগঠনক প্ৰশ্ৰয় নিদিয়াৰ সিদ্ধান্ত লৈছে । আৰু এই বাৰ্তা চৰকাৰলৈ ৰাজহুৱাকৈ প্ৰেৰণ কৰি তেওঁলোকে এই স্পৰ্শকাতৰ সীমান্ত অঞ্চলটোত বিচাৰিছে চৰকাৰৰ অধিক তৎপৰতা তথা কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
"আমাৰ অঞ্চলটোত উন্নয়নৰ নামত জনসাধাৰণে লাভ কৰিব লগা প্ৰাথমিক সুবিধাখিনিও নাই। বিগত কেইবছৰমানত আঠবাৰকৈ আমাৰ অঞ্চলটোত উগ্ৰপন্থী গোটে গুলীচালনা কৰি আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে । আমাৰ অঞ্চলটোৰ পৰিচয় যেন হৈ পৰিছে উগ্ৰপন্থীৰ ঘাটি । কিন্তু এতিয়া ৰাইজ ওলাই আহিছে । আমি সকলোৱে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিছোঁ। চৰকাৰে আমাৰ অঞ্চলটোত প্ৰশাসনিক কাৰ্যালয় নিৰ্মাণ কৰক , আৰক্ষী চকী নিৰ্মাণ কৰি নিৰাপত্তা বৃদ্ধি কৰক আৰু আন্তঃগাঁথনি নিৰ্মাণ কৰি উন্নয়ন ক্ষিপ্ৰ কৰি তোলক । উন্নয়নৰ বাবে আমি সকলোৱে চৰকাৰক সহায় কৰি যাম।", অল পাংছা ষ্টুডেন্টছ ইউনিয়নৰ সভাপতি হিমে লামে (Hime Lam) এনেদৰে কয়।
দেশৰ অতি স্পৰ্শকাতৰ এই আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলটোত আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে প্ৰশাসনিক কাৰ্যকলাপ অধিক কাৰ্যক্ষম কৰি তোলাৰ লগতে আৰক্ষীকে ধৰি অধিক নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অঞ্চলবাসীয়ে । এই সীমান্ত অঞ্চলটোৱেদি কাৰ্যক্ষম হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগতে অন্যান্য বেআইনী কাৰ্যকলাপসমূহ ৰোধ কৰিবলৈ অঞ্চলটোৰ উন্নয়ন ক্ষিপ্ৰ কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে পাংছা পাব্লিক অৰগেনাইজেছনে।
সীমান্তৰ এই অঞ্চলটোত যোৱা ৯ আগষ্টত আচাম ৰাইফলছৰ কেম্পত উগ্ৰপন্থীৰ এটা দলে ভয়ংকৰ আক্ৰমণ চলাইছিল । অৱশেষত দেশৰ পূব প্ৰান্তৰ এই স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলটোত উন্নয়নৰ দাবী লৈ উগ্ৰপন্থীৰ বিৰোধিতা কৰি অঞ্চলটোৰ জনসাধাৰণ স্বত:স্ফুতভাবে ৰাজপথলৈ ওলাই অহা এই ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । আনহাতে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ম্যানমাৰৰ সীমান্তৰ লোকসকলে । এতিয়া দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কেনে সদিচ্ছা প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ'ব।
Published by: Gautam Barman
FIRST PUBLISHED : September 18, 2022, 21:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।