বিজেপিৰ সৈতে সহমত নোহোৱাসকল ‘ৰাষ্ট্ৰদ্ৰোহী’ নহয়ঃ ‘সৎ অন্তৰ্দৰ্শন’ৰ বাবে আহ্বান এল কে আদৱানীৰ

বিজেপিৰ পৰম্পৰাগত গুজৰাটৰ গান্ধীনগৰ আসনখনৰ পৰা তেওঁৰ সলনি অমিত শ্বাহক দলে প্ৰক্ষেপ কৰাৰ পিছত প্ৰথমবাৰলৈ মুকলিকৈ নিজৰ মত প্ৰকাশ কৰে জ্যেষ্ঠ বিজেপি নেতা তথা দলৰ মহীৰূহ এল কে আদৱানীয়ে।

news18assam
Updated:April 16, 2019, 12:08 PM IST
বিজেপিৰ সৈতে সহমত নোহোৱাসকল ‘ৰাষ্ট্ৰদ্ৰোহী’ নহয়ঃ ‘সৎ অন্তৰ্দৰ্শন’ৰ বাবে আহ্বান এল কে আদৱানীৰ
বিজেপিৰ পৰম্পৰাগত গুজৰাটৰ গান্ধীনগৰ আসনখনৰ পৰা তেওঁৰ সলনি অমিত শ্বাহক দলে প্ৰক্ষেপ কৰাৰ পিছত প্ৰথমবাৰলৈ মুকলিকৈ নিজৰ মত প্ৰকাশ কৰে জ্যেষ্ঠ বিজেপি নেতা তথা দলৰ মহীৰূহ এল কে আদৱানীয়ে।
news18assam
Updated: April 16, 2019, 12:08 PM IST
লোকসভাৰ প্ৰাৰ্থিত্বৰ তালিকাৰ পৰা বাদ পৰাৰ পিছতে দলৰ জ্যেষ্ঠ নেতা এল কে আদৱানীয়ে লিখা এটা ব্লগে দেশৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ জোৱাৰ তুলিছে। এই ব্লগত তেওঁ দলৰ মূল মতাদৰ্শৰ কথা উল্লেখ কৰি লিখিছে যে গেৰুৱা দলটোৱে ব্যক্তি বিশেষৰ পছন্দ অপছন্দক সন্মান জনায় আৰু ভিন্ন ৰাজনৈতিক মতাদৰ্শৰ হোৱাৰ বাবেই কাৰোবাক ‘ৰাষ্ট্ৰদ্ৰোহী’ নসজায়। বিজেপিৰ পৰম্পৰাগত তথা আদৱানীৰ নিজা সমষ্টি গান্ধীনগৰৰ পৰা এইবাৰ তেওঁৰ সলনি অমিত শ্বাহক নমোৱাৰ পিছতে ৯১বছৰীয়া বিজেপি নেতাগৰাকীয়ে প্ৰথমবাৰলৈ ৰাজহুৱাকৈ নিজৰ মত প্ৰকাশ কৰা দেখা গ’ল।

"প্ৰতিষ্ঠাকালৰ পৰাই বিজেপিয়ে কেতিয়াও ৰাজনৈতিকভাৱে যিসকল আমাৰ বিপৰীত পক্ষৰ তেওঁলোকক শত্ৰু জ্ঞান কৰা নাই। আমি তেওঁলোকক প্ৰতিদ্বন্দী হিচাপেহে গ্ৰহণ কৰি আহিছো। আমি মানি চলা ৰাষ্ট্ৰীয়তাবাদ অনুসৰি ৰাজনৈতিকভাৱে আমাৰ সৈতে সহমত প্ৰকাশ নকৰা সকলক আমি ‘ৰাষ্ট্ৰদ্ৰোহী’ কেতিয়াও আখ্যা দিয়া নাই। দলে সদায় ব্যক্তিগত আৰু ৰাজনৈতিক পৰ্যায়ত প্ৰতিজন নাগৰিকৰ স্বতন্ত্ৰতাক সন্মান জনাই আহিছে।" আদৱানীয়ে ৬এপ্ৰিলৰ বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ আগে আগে ব্লগত এই কথা লিখে।

লালকৃষ্ণ আদৱানীৰ এই কথাই সাম্প্ৰতিক প্ৰেক্ষাপটত বিশেষ গুৰুত্ব লাভ কৰিছে, নিৰ্বাচনৰ প্ৰাকক্ষণত আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ অধ্যক্ষ অমিত শ্বাহে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ক নিৰ্বাচনী ইচ্ছ্যু হিচাপে গ্ৰহণ কৰি ৰাজনৈতিক প্ৰতিপক্ষক ভাৰতৰ শত্ৰু পাকিস্তানৰ হৈ কথা কোৱাৰ অভিযোগ তোলা দেখা গৈছে।

বহু বিজেপি নেতাৰ ক্ষেত্ৰত প্ৰায়ে বিৰোধী নেতাক আক্ৰমণ কৰোতে ‘ৰাষ্ট্ৰদ্ৰোহী’ শব্দ ব্যৱহাৰ কৰা সাধাৰণ হৈ পৰিছে।

এল কে আদৱানীয়ে লগতে গান্ধীনগৰবাসীক ১৯৯১ চনৰ পৰা ছয়বাৰকৈ লোকসভালৈ নিৰ্বাচন কৰি পঠিওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। "মই এই সুযোগতে গান্ধীনগৰৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো যে তেওঁলোকে মোক ১৯৯১চনৰ পৰা ছয়বাৰকৈ লোকসভালৈ নিৰ্বাচন কৰি পঠিয়ালে। তেওঁলোকৰ মৰম আৰু সমৰ্থনে সদায় মোক অভিভূত কৰি আহিছে।" আদৱানীয়ে কয়।

গান্ধীনগৰৰ আসনখন সদায় বিজেপিৰ অভেদ্য দূৰ্গ বিবেচিত হৈ আহিছে। ২০১৭চনৰ বিধানসভা নিৰ্বাচনত গান্ধীনগৰ সমষ্টিৰ অন্তৰ্গত ৭খন বিধানসভা সমষ্টিৰ পাঁচখন বিজেপিৰ দখললৈ গৈছিল। কংগ্ৰেছে দুখনত জয়লাভ কৰিছিল।

ৰাজনৈতিক পণ্ডিতসকলৰ মতে আদৱানীৰ আসনৰ পৰা অমিত শ্বাহক প্ৰক্ষেপ কৰা কাৰ্যই দুটা স্পষ্ট বাৰ্তা প্ৰদান কৰিছে–এটা জ্যেষ্ঠ নেতাজনে নিজে নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰা নাই অৰ্থাৎ তেওঁক বাধ্যতামূলক অৱসৰ প্ৰদান কৰা হৈছে। দ্বিতীয়তে তেওঁৰ ঠাইত শ্বাহক প্ৰক্ষেপ কৰি দলে তেওঁৰ ৰাজনৈতিক উত্তৰসূৰী নিৰ্বাচন কৰিছে।

বিজেপিৰ এক ভিতৰুৱা সূত্ৰই নিউজ18ক জনোৱা মতে আৰএছএছৰ এজন জ্যেষ্ঠ নেতাই আদৱানীক তেওঁৰ ঘৰত সাক্ষাৎ কৰি দলে তেওঁক নিৰ্বাচন খেলিবলৈ আহ্বান নজনোৱাৰ কথা আগতীয়াকৈ জনাইছিল। আনুষ্ঠানিকভাৱে ৯১বছৰীয়া নেতাগৰাকীক ইয়াৰ কাৰণ স্বাস্থ্যজনিত কোৱা হৈছিল।

বিজেপিৰ মহীৰূহগৰাকীয়ে ১৯৮৪চনত লোকসভাত মাত্ৰ দুখন আসন পোৱাৰ পৰা বিজেপিৰ অভূতপূৰ্ব উত্থানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। গান্ধীনগৰৰ পৰা তেওঁ ছয়বাৰ বিজয়ী হৈছে আৰু ১৯৯৮চনৰ পৰা একেৰাহে আসনখনত তেওঁ অপ্ৰতিদ্বন্দী হৈ আছে।

গান্ধীনগৰৰ পৰা প্ৰথম জয়ী হোৱাৰ এবছৰ পিছতে তেওঁ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মানত জোৰ দিবলৈ এক ৰথ যাত্ৰাত অংশ লৈছিল।

নেতাগৰাকীয়ে কয় তেওঁৰ জীৱনৰ আদৰ্শই হৈছে ‘ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু স্বয়ং সকলোতকৈ শেষত’। "প্ৰতিটো পৰিৱেশত মই এই নীতি–আদৰ্শ খামুচি থাকিবলৈ চেষ্টা কৰি আহিছো আৰু আগলৈও কৰি যাম।" তেওঁ কয়। এল কে আদৱানী হৈছে বিজেপিৰ প্ৰতিষ্ঠাপক আৰু সকলোতকৈ দীঘলীয়া সময় পদত থকা অধ্যক্ষ।
আৰু চাওক পৰৱৰ্তী বাতৰি