কামিনী দেৱী নামৰ এগৰাকী মহিলাই এই সন্দৰ্ভত এখন আবেদন দাখিল কৰাৰ পিছত এই নিৰ্দেশনা প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
ভাৰতবৰ্ষৰ বহু ঠাইত এতিয়াও লিভ ইন ৰিলেশ্যনশ্বীপক মানি লোৱা নহয়। বহুতে অন্য দৃষ্টিৰে চাই বিবাহৰ পূৰ্বে একেলগে বসবাস কৰা পুৰুষ মহিলাক। এইবাৰ এই ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। লিভ ইন ৰিলেশ্যনশ্বীপত নাথাকিব কোনো ধৰণৰ বাধা। এতিয়াৰ পৰা ইচ্ছা কৰিলে প্ৰাপ্তবয়স্ক পুৰুষ-মহিলাই বিবাহৰ পূৰ্বেই একেলগে সহবাস কৰিব পাৰিব। এই ক্ষেত্ৰত পিতৃ-মাতৃৰ লগতে কোনো লোকে হস্তক্ষেপ কৰিব নোৱাৰিব।
কামিনী দেৱী নামৰ এগৰাকী মহিলাই এই সন্দৰ্ভত এখন আবেদন দাখিল কৰাৰ পিছত এই নিৰ্দেশনা প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে, ফাৰুখাবাদত এহাল দম্পতিয়ে বিবাহ বৰ্হিভূত ভাবে একেলগে সহবাস কৰিছিল। কিন্তু ইয়াৰ পিছতে পৰিয়ালৰ লোকে দম্পতিটোক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|