• Home
  • »
  • News
  • »
  • nation
  • »
  • Viral Video: হোমৱৰ্ক কৰি কৰি ভাগৰি পৰা কণমানিৰ অভিযোগ প্ৰধানমন্ত্ৰীক ! ভাইৰেল ভিডিঅ' পাছতেই ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ...

Viral Video: হোমৱৰ্ক কৰি কৰি ভাগৰি পৰা কণমানিৰ অভিযোগ প্ৰধানমন্ত্ৰীক ! ভাইৰেল ভিডিঅ' পাছতেই ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ...

"মই 'ঝুম' শ্ৰেণীৰ কথা ক'ব বিচাৰিছোঁ । মোৰ ক্লাছ ১০ বজাৰ পৰা আৰম্ভ হৈ ২ বজালৈ চলে। ইমান কামটো ডাঙৰ শিশুসকলৰ ওচৰতহে থাকে।" প্ৰধানমন্ত্ৰী মোদীক এনেদৰে কয় কণমানিগৰাকীয়ে।

"মই 'ঝুম' শ্ৰেণীৰ কথা ক'ব বিচাৰিছোঁ । মোৰ ক্লাছ ১০ বজাৰ পৰা আৰম্ভ হৈ ২ বজালৈ চলে। ইমান কামটো ডাঙৰ শিশুসকলৰ ওচৰতহে থাকে।" প্ৰধানমন্ত্ৰী মোদীক এনেদৰে কয় কণমানিগৰাকীয়ে।

"মই 'ঝুম' শ্ৰেণীৰ কথা ক'ব বিচাৰিছোঁ । মোৰ ক্লাছ ১০ বজাৰ পৰা আৰম্ভ হৈ ২ বজালৈ চলে। ইমান কামটো ডাঙৰ শিশুসকলৰ ওচৰতহে থাকে।" প্ৰধানমন্ত্ৰী মোদীক এনেদৰে কয় কণমানিগৰাকীয়ে।

  • Share this:
কণমানিজনীয়ে ভিডিঅ'টোত অনলাইন ক্লাছ আৰু অধ্যয়নৰ বোজাক লৈ অভিযোগ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীক। ভিডিঅ'টো পোহৰলৈ অহাৰ পিছতেই শিশুৰ অধ্যয়নৰ বোজাক লৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ।

দেশৰ স্বাস্থ্য খণ্ডৰ পৰা আৰ্থিক অৱস্থালৈ যিদৰে কোভিড মহামাৰীৰ প্ৰভাৱ পৰিছে, একেদৰে কোভিড কালৰ আৰম্ভণিৰ পৰাই দেশৰ শিক্ষা খণ্ডতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । সমগ্ৰ দেশৰ শিশুসকলৰ শৈক্ষিক জীৱনক প্ৰভাৱিত কৰিছে কাল কোৰোণাই । যাৰ বাবে বিদ্যালয় আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰে অনলাইন ক্লাছৰ জৰিয়তেই অব্যাহত ৰাখিছে অধ্যয়ন প্ৰক্ৰিয়া ।

কিন্তু এনে সময়তে শিক্ষকসকলে অনলাইন ক্লাছত অধিক কাম দিয়াৰ অভিযোগ তুলিছে এগৰাকী কণমানিয়ে । জম্মু আৰু কাশ্মীৰৰ ৬ বছৰীয়া কণমানিজনীয়ে হোমৱৰ্ক কৰি কৰি ভাগৰি পৰি ভিডিঅ' বাৰ্তাযোগে এই অভিযোগ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীক । যি ভিডিঅ' সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে কণমানিজনীয়ে কোৱা কথাখিনিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।

দৰাচলতে কণমানিজনীয়ে অতি মৰমলগাকৈ ভিডিঅ'টোত দেশৰ প্ৰধানমন্ত্ৰী মোডীক কিয় শিশুসকলক ইয়ান কাম দিয়া হয় বুলি অভিযোগ তুলিছে । ভিডিঅ'টোত কণমানিজনীয়ে এনেদৰে কয়, "আছলামু আলেকুম মোডী চাহেব, মই এজনী ছোৱালীয়ে কথা পাতি আছেঁ। মই 'ঝুম' শ্ৰেণীৰ কথা ক'ব বিচাৰিছোঁ । যিয়ে ৬ বছৰীয়া শিশুৰ বাবে অধিক কাম কিয় ৰাখে ? প্ৰথমে মোৰ ইংৰাজী তাৰ পিছত গণিত, উৰ্দু, ইভিএছ আৰু কম্পিউটাৰৰ ক্লাছ থাকে । মোৰ ক্লাছ ১০ বজাৰ পৰা আৰম্ভ হৈ ২ বজালৈ চলে। ইমান কামটো ডাঙৰ শিশুসকলৰ ওচৰতহে থাকে।"

কণমানিজনীৰ এই মৰম লগা ভিডিঅ'ই দৃষ্টি কাঢ়িছে জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰো । যাৰ বাবে সিনহাইও টুইটাৰত কণমানিজনীৰ ভিডিঅ'টো শ্বেয়াৰ কৰা দেখা যায় ।

চাওক এই মৰমলগা ভিডিঅ' -



উপ-ৰাজ্যপাল মনোজ সিনহাই ভিডিঅ'টো শ্বেয়াৰ কৰি কয় এনেদৰে, "অতি মৰমলগা অভিযোগ। বিদ্যালয়, শিক্ষা বিভাগক শিশুসকলৰ ওপৰত কামৰ বোজা হ্ৰাস কৰিবলৈ ৪৮ ঘণ্টাৰ ভিতৰত এক কাৰ্যকৰী নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শৈশৱ হৈছে ঈশ্বৰৰ উপহাৰ আৰু সেয়েহে শিশুৰ দিনবোৰ প্রাণৱন্ত আৰু আনন্দেৰে ভৰপূৰ হোৱা উচিত।"



(https://hindi.news18.com/news/nation/kashmir-girl-sends-pm-narendra-modi-video-message-regarding-online-classes-3606459.html)
Published by:Manjumoni Borah
First published: