உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কণমানি সন্তানকো চুই চাব নোৱাৰিলে মাতৃয়ে, এই দৃশ্যই চকু সেমেকাই তুলিব আপোনাৰ, চাওক ভিডিঅ’

    কণমানি সন্তানকো চুই চাব নোৱাৰিলে মাতৃয়ে, এই দৃশ্যই চকু সেমেকাই তুলিব আপোনাৰ, চাওক ভিডিঅ’

    ঐশ্বৰ্যৰ মাতৃ এখন চিকিত্‍সালয়ৰ নাৰ্ছ। বৰ্তমান এটা আইছ’লেছন ৱাৰ্ডত মাতৃ সুনন্দা ক’ৰেপুৰে দুসপ্তাহ ধৰি ঘৰৰ পৰা আঁতৰি আগবঢ়াই আছে সেৱা।

    ঐশ্বৰ্যৰ মাতৃ এখন চিকিত্‍সালয়ৰ নাৰ্ছ। বৰ্তমান এটা আইছ’লেছন ৱাৰ্ডত মাতৃ সুনন্দা ক’ৰেপুৰে দুসপ্তাহ ধৰি ঘৰৰ পৰা আঁতৰি আগবঢ়াই আছে সেৱা।

    ঐশ্বৰ্যৰ মাতৃ এখন চিকিত্‍সালয়ৰ নাৰ্ছ। বৰ্তমান এটা আইছ’লেছন ৱাৰ্ডত মাতৃ সুনন্দা ক’ৰেপুৰে দুসপ্তাহ ধৰি ঘৰৰ পৰা আঁতৰি আগবঢ়াই আছে সেৱা।

    • Share this:
    এতিয়া দেশত কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। দিনে নিশাই  ব্যস্ত দেশৰ স্বাস্থ্যখণ্ডত নিয়োজিত বিষয়া কৰ্মচাৰীসকল। বহু কৰ্মীয়ে আনকি ঘৰৰ পৰা আঁতৰি ৰোগীৰ সেৱাত দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে। তাৰ মাজতে চৰ্চালৈ আহিছে এজনী কণমানি আৰু এগৰাকী নাৰ্ছ। কণমানিজনীৰ নাম ঐশ্বৰ্য। তিনি বছৰীয়া কণমানি জনী এতিয়া দুসপ্তাহ ধৰি আঁতৰি থাকিব লগীয়া হৈছে মাতৃৰ কাষৰ পৰা।

    ঐশ্বৰ্যৰ মাতৃ এখন চিকিত্‍সালয়ৰ নাৰ্ছ। বৰ্তমান এটা আইছ’লেচন ৱাৰ্ডত মাতৃ সুনন্দা ক’ৰেপুৰে দুসপ্তাহ ধৰি ঘৰৰ পৰা আঁতৰি আগবঢ়াই আছে সেৱা। কোৰোণা সংক্ৰমণ হোৱাৰ ভয়ত মাতৃগৰাকী এতিয়া ঘৰৰ পৰা আঁতৰি চৰকাৰে থকাৰ ব্যৱস্থা কৰি দিয়া এখন হোটেলতে ১৫ দিন ধৰি আশ্ৰয় লৈ আছে।

    কিন্তু মাতৃক বিচাৰি কণমানিজনীয়ে এতিয়া কৰিছে আমনি। সেয়েহে মাকক দেখুওৱাবলৈ কণমানিজনীক মাতৃ বৰ্তমান থকা হোটেল খনলৈকে লৈ আহিল পিতৃয়ে। কিন্তু মাতৃৰ সংস্পৰ্শলৈ যাব নোৱাৰিব কণমানিজনী।



    প্ৰায় ১৫ দিনৰ পিছত মাকক দেখি কান্দোনত ভাগি পৰিল কণমানিজনী। দুৰণীৰ পৰাই মাতৃয়েও ধৰি ৰাখিব নোৱাৰিলে চকুপানী। এই আৱেগিক মুহূৰ্ত ভাইৰেল হৈ পৰিল ছচিয়েল মিডিয়াত।

    ঘটনাতো কৰ্ণাটকৰ। পিছত ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅটো মুখ্যমন্ত্ৰী বি এছ য়েডুয়ুৰাপ্পাৰো চকুত পৰে। মাতৃ-কন্যাৰ এই আৱেগিক মুহূৰ্তই চকু সেমেকাই তুলে মুখ্যমন্ত্ৰীগৰাকীৰো। পিছত বুধবাৰে নাৰ্চগৰাকীক বিশেষ ভাবে ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে নাৰ্ছগৰাকীৰ লগতে আন সকলো স্বাস্থ্যকৰ্মীক সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে সকলো কৰিব বুলি আশ্বাস দিয়ে।
    Published by:Himangshu Bhuyan
    First published: