কোৰোণা মহাব্যাধিক লৈ বিশ্বব্যাপী মহাসংগ্ৰাম অব্যাহত আছে ৷ কোৰোণাক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশত এতিয়া ল’ক ডাউন ৷ সামাজিক ব্যৱধান ৰক্ষা কৰিবলৈ অহৰহ চৰকাৰে অনুৰোধ জনাই আছে ৷ স্কুল-কলেজ কেতিয়া খুলিব তাৰ কোনো নিদিৰ্ষ্ট সময় এতিয়াই ক'ব পৰা হোৱা নাই ৷ এনে সময়তে এজাক শিশুৱে সামাজিক দুৰত্ব বৰ্তাই ৰাখি কৰিছে প্ৰাৰ্থনা ৷
কোৰোণা মহাব্যাধিৰ মহাসংক্ৰমণৰ সময়ত এইজাক শিশুৰ প্ৰাৰ্থনা ৷ দেওবাৰে ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাত দেখা গ’ল এনে দৃশ্য ৷ ১৩ এপ্ৰিলত নাগালেণ্ডৰ প্ৰথম জন কোৰোণা ৰোগী চিনাক্ত হোৱাৰ পিছতে এইসকল শিশুয়ে সামাজিক ব্যৱধান ৰক্ষা কৰি ৰাজহুৱাভাবে কৰিছে প্ৰাৰ্থনা ৷ নগা ভূমিক কোৰোণা মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰে এইসকল শিশুয়ে ৷
ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাৰ দুৰ্গম আংফাং বস্তিৰ এইসকল শিশুৰ প্ৰাৰ্থনাই এতিয়া মন চুই গৈছে সকলোৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|