• Home
  • »
  • News
  • »
  • nation
  • »
  • অনুসূচিত জাতি–জনজাতিৰ তালিকাৰ পুনৰীক্ষণ হ’ব লাগে, সমৃদ্ধিশালী লোকেও গ্ৰহণ কৰি আছে সুবিধা : উচ্চতম ন্যায়ালয়

অনুসূচিত জাতি–জনজাতিৰ তালিকাৰ পুনৰীক্ষণ হ’ব লাগে, সমৃদ্ধিশালী লোকেও গ্ৰহণ কৰি আছে সুবিধা : উচ্চতম ন্যায়ালয়

ৰায়দানৰ প্ৰতিলিপিত স্পষ্টকৈ উল্লেখ কৰি পাঁচজনীয়া বিচাৰপীঠে লগতে কয় – পৰিৱৰ্তিত সামাজিক আৰু অৰ্থনৈতিক দৃশ্যপটলৈ লক্ষ্য ৰাখি এই তালিকাৰ পুনৰীক্ষণ হোৱাটো দৰকাৰ।

  • Share this:
অনুসূচিত জাতি তথা জনজাতিৰ আগবঢ়া আৰু সমৃদ্ধিশালীসকল প্ৰকৃততে তেনে আৰক্ষণ যাৰ বাবে প্ৰয়োজন তেওঁলোকৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিছে। এই মতামত উচ্চতম ন্যায়ালয়ৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পুৰণি অন্ধ্ৰ প্ৰদেশৰ অনুসূচিত এলেকাত স্থানীয় জনজাতিৰ কাৰণে ১০০ শতাংশ আৰক্ষণ প্ৰদান কৰাৰ চৰকাৰী ব্যৱস্থাৰ সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি বৃহস্পতি বাৰে এই মতামত প্ৰদান কৰে।

ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত গঠন হোৱা এখন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে লগতে কয় – সংবিধানৰ অনুচ্ছেদ ৩৪১ৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুসূচিত জাতি আৰু জনজাতিৰ তালিকাখনত অনুমোদন জনাই আৰু এই তালিকাত প্ৰয়োজন সাপেক্ষে সালসলনি কৰিব পৰা যায়। ৰায়দানৰ প্ৰতিলিপিত স্পষ্টকৈ উল্লেখ কৰি পাঁচজনীয়া বিচাৰপীঠে লগতে কয় – পৰিৱৰ্তিত সামাজিক আৰু অৰ্থনৈতিক দৃশ্যপটলৈ লক্ষ্য ৰাখি এই তালিকাৰ পুনৰীক্ষণ হোৱাটো দৰকাৰ।

যোৱা ৭০ বছৰে একেসকল লোকে এই সুবিধা গ্ৰহণ কৰি আহিছে; আৰক্ষণ প্ৰদানৰ শতাংশটোৰ কোনো ধৰণৰ সালসলনি নকৰাকৈ এই তালিকাত সালসলনি ঘটাব লাগে যাতে সঁচাকৈ যাক প্ৰয়োজন সেইসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰে। ৰায়দানত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে। আনহাতে, ৰাজ্য চৰকাৰসমূহকো সময় সাপেক্ষে জনগোষ্ঠীসমূহৰ তালিকাত অন্তৰ্ভুক্তি তথা কৰ্তন সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি