உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Andhra Pradesh BJP : বিজেপিক ভোট দিয়ক, ৫০ টকাতে দিব সুৰাৰ এটা বটল!

    Andhra Pradesh BJP : বিজেপিক ভোট দিয়ক, ৫০ টকাতে দিব সুৰাৰ এটা বটল!

    সোমু বীৰৰাজু, সভাপতি, অন্ধ্ৰপ্ৰদেশ বিজেপি

    সোমু বীৰৰাজু, সভাপতি, অন্ধ্ৰপ্ৰদেশ বিজেপি

    Andhra Pradesh BJP : মাত্ৰ ৫০ টকাত সুৰাৰ বটল দিয়াৰ দৰে আজৱ মন্তব্য কৰিছে অন্ধ্ৰ প্ৰদেশ বিজেপিৰ সভাপতি সোমু বীৰৰাজু (Somu Veerraju)ৱে।

    • Share this:
    দেশজুৰি সুৰাৰ দাম বৃদ্ধিৰ মাজতে মাত্ৰ ৫০ টকাত সুৰাৰ বটল দিয়াৰ দৰে আজৱ মন্তব্য কৰিছে অন্ধ্ৰ প্ৰদেশ বিজেপিৰ সভাপতি সোমু বীৰৰাজু (Somu Veerraju)ৱে। প্ৰথমে ৭৫ টকাত সুৰাৰ এটা বটল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ভোটাৰক। পিছত এই মূল্য কমাই আনিলে ৫০ টকালৈ। সভাপতিজনে (Andhra Pradesh BJP president) কয় যে যদিহে ৰাজহ ৰাহি হয় তেন্তে ৭৫ টকাৰ ঠাইত ৫০ চকাতে সুৰাৰ বটল (250ml) পাব ৰাইজে। সোমু বীৰৰাজুৰ ভোটাৰলৈ এটাই চৰ্ত বিজেপিয়ে পাব লাগিব ১ কোটি ভোট।

    মঙলবাৰে বিজয়ৱাড়াত এক সভাত ভাষণ দি সোমু বীৰৰাজুৱে কয়, “ভাৰতীয় জনতা পাৰ্টী (Bharatiya Janata Party)ক ১ কোটি ভোট দিয়ক, আমি ৭৫ টকাত সুৰা দিম। ইয়াৰ পিছতো যদি ৰাজহ জমা থাকে তেন্তে ৫০ টকাতে সুৰা দিম।"

    সোমু বীৰৰাজুৱে কয় যে ১ কোটিৰো অধিক লোকে ৰাজ্যখনত অধিক দাম দি সুৰা সেৱন কৰি আছে। তেওঁ ভোটাৰক কয় যে ২০২৪ চনৰ বিধানসভাৰ নিৰ্বাচন (2024 assembly elections)ত যদি বিজেপি (BJP)ক ভোট দিয়ে তেন্তে অন্ধ্ৰ প্ৰদেশত সুৰাৰ দাম কমোৱা হ'ব। তেওঁ অভিযোগ কৰে যে ষাসক দলৰ সৈতে মিলি নিম্ন মানৰ সুৰা অধিক দামত বিক্ৰী কৰি থকা হৈছে ৰাজ্যখনত।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    তেওঁ কয় যে অন্ধ্ৰ প্ৰদেশত এজন লোকে এমাহত গড়ে ১২০০০ টকাৰ সুৰা সেৱন কৰে আৰু জগন মোহন ৰেড্ডী (Jagan Mohan Reddy) চৰকাৰে সেই টকাকে বিভিন্ন আঁচনিৰ নাামত জনতাক দি আভৱা ভাৰি আহিছে।
    Published by:Manjumoni Borah
    First published: