আজিয়েই জন ধন একাউণ্টৰ সৈতে Aadhaar লিংক কৰক, পাব ৫০০০ টকা!

News18 Assam | News18-Assam
Updated:October 14, 2020, 10:01 AM IST
আজিয়েই জন ধন একাউণ্টৰ সৈতে Aadhaar লিংক কৰক, পাব ৫০০০ টকা!
এই আঁচনিৰ মূল উদ্দেশ্য আছিল প্ৰতিটো পৰিয়ালক বেংকিং পৰিসেৱাৰ সৈতে সংযোগ কৰোৱা। জন ধন যোজনাত আপুনি ১০বছৰৰ শিশুৰো একাউণ্ট খুলিব পাৰে।

এই আঁচনিৰ মূল উদ্দেশ্য আছিল প্ৰতিটো পৰিয়ালক বেংকিং পৰিসেৱাৰ সৈতে সংযোগ কৰোৱা। জন ধন যোজনাত আপুনি ১০বছৰৰ শিশুৰো একাউণ্ট খুলিব পাৰে।

  • Share this:
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰীৰ জন ধন আঁচনি অনুসৰি দেশৰ দৰিদ্ৰ মানুহে বেংক বা পোষ্ট অফিচত জিৰ’ বেলেন্স একাউণ্ট খুলিব পাৰে। PMJDY আঁচনিৰ অধীনত খোলা একাউণ্টত গ্ৰাহকসকলে একাধিক সুবিধা লাভ কৰে। আপোনাৰ একাউণ্টত বেলেন্স নাথাকিলেও আপুনি ৫০০০ টকা পৰ্যান্ত তুলিব পাৰে। চাওক কি কি সুবিধা পাব এই একাউণ্ট খুলিলে। অৱশ্যে এই সুবিধা সেইসকলেহে পাব যিসকলৰ একাউণ্টৰ সৈতে আধাৰ নম্বৰ লিংক কৰা আছে।

জনধন যোজনা একাউণ্টত গ্রাহকসকলক ৫০০০ টকা পর্যন্ত অভাৰড্রাফ্টৰ সুবিধা দিয়া থাকে ৷ অভাৰড্রাফ্টৰ সুবিধা পাবলৈ নিৰ্দিষ্ট একাউণ্টৰ সৈতে আধাৰ লিংক থকাটো বাধ্যতামূলক। এই যোজনাৰ মূল উদ্দেশ্য হৈছে প্রত্যেকটো পৰিয়ালক বেংকিং পৰিসেৱাৰ সৈতে সংযোগ কৰা। জনধন আঁচনিত আপুনি ১০ বছৰৰ শিশুৰো একাউণ্ট খুলিব পাৰে।

অভাৰড্রাফ্ট সুবিধা কি ? আপোনাৰ একাউণ্টত শূণ্য বেলেন্স থাকিলেও যেতিয়া আপুনি টকা উলিয়াব পাৰে তাক অভাৰড্ৰাফ্ট বুলি কোৱা হয়। জনধন একাউণ্টৰ ক্ষেত্ৰত আধাৰ নাথাকিলে এই সুবিধা নাপাব।

অভাৰড্রাফ্ট সুবিধাৰ কাৰণে কিছু চৰ্তাৱলী পূৰণো কৰিব লাগিব- ইয়াৰ কাৰণে একাউণ্ট হল্ডাৰে প্ৰথম ৬মাহ পৰ্যন্ত বেলেন্স ৰাখিব লাগিব। লগতে সময়ে সময়ে এই একাউণ্টত লেন দেন কৰিব লাগিব। একাউণ্ট হল্ডাৰসকলক ৰূপে ডেবিট কাৰ্ড জাৰি কৰিব লাগিব।

এই একাউণ্ট খোলাৰ কাৰণে আধাৰ কার্ড, পাচপোর্ট, ড্রাইভিং লাইচেন্স, পেন কার্ড, ভোটাৰ কার্ড, NREGA জব কার্ড য’ত নাম, ঠিকনা তথা আধাৰ নম্বৰ লিখা আছে জমা দিব লাগিব। আপোনাৰ ওচৰৰ বেংকত গৈ এই একাউণ্ট খুলিব পাৰে। ফর্মত নাম, মোবাইল নম্বৰ, ঠিকনা, নমিনি-সহ একাধিক তথ্যৰে জমা দি দিলেই একাউণ্ট খুলি যাব।
First published: October 14, 2020, 10:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading