
বৰ্তমান ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লোৱাৰ বাবে জম্মু–কাশ্মীৰত ব্যস্ত ধোনী।
বৰ্তমান ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লোৱাৰ বাবে জম্মু–কাশ্মীৰত ব্যস্ত ধোনী।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, তাৰকা খেলুৱৈ মহেন্দ্ৰ সিং ধোনীৰ আন এক কৃতিত্ব। স্বাধীনতা দিৱসৰ দিনা ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈগৰাকীয়ে পতাকা উত্তোলন কৰিব লাডাখত। উল্লেখ যোগ্য যে ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। সদ্য ঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত প্ৰথমবাৰৰ কাৰণে স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ সুযোগ লাভ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে। বৰ্তমান ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লোৱাৰ বাবে জম্মু–কাশমীৰত ব্যস্ত ধোনী।
![]()
ভাৰতীয় দলৰ তাৰকা খেলুৱৈগৰাকীয়ে ৩১ জুলাই তাৰিখে শ্ৰীনগৰত ১০৩ নং টেৰিটৰিয়েল আৰ্মি বেটেলিয়ানত যোগ দিছিল ধোনীয়ে। এতিয়া ১৫ আগষ্ট লৈকে ধোনী কাশ্মীৰতে থাকিব। শনিবাৰে মহেন্দ্ৰ সিং ধোনী শ্ৰীনগৰৰ পৰা ১০৩ নং টেৰিটৰিয়েল আৰ্মি বেটেলিয়ানৰ সতীৰ্থ সকলৰ লগত লাডাখ অভিমুখে ৰাওনা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|