কন্যাক বিয়া দিবলৈ চিন্তা নকৰিব! মাত্ৰ ১২১ টকা জমা কৰি লাভ কৰক ২৭ লাখ পৰ্যন্ত টকা

News18 Assam | News18-Assam
Updated:September 11, 2020, 12:54 PM IST
কন্যাক বিয়া দিবলৈ চিন্তা নকৰিব! মাত্ৰ ১২১ টকা জমা কৰি লাভ কৰক ২৭ লাখ পৰ্যন্ত টকা
‘কন্যাদান যোজনাৰ’ অধীনত প্ৰতিদিনে ১২১ টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব ২৭ লাখ পৰ্যন্ত টকা।  

‘কন্যাদান যোজনাৰ’ অধীনত প্ৰতিদিনে ১২১ টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব ২৭ লাখ পৰ্যন্ত টকা।  

  • News18 Assam
  • Last Updated: September 11, 2020, 12:54 PM IST
  • Share this:
কন্যাক বিয়া দিবলৈ চিন্তা নকৰিব! আজিয়েই এইখন আঁচনিপৰ অধীনত জমা কৰক মাত্ৰ ১২১ টকা। দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান এল আই চিয়ে আৰম্ভ কৰিছে এখন নতুন পলিচী। ‘কন্যাদান যোজনাৰ’ অধীনত প্ৰতিদিনে ১২১ টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব ২৭ লাখ পৰ্যন্ত টকা।

প্ৰতিদিনাই ১২১ টকাৰ হিচাপত মাহে ৩৬০০ টকা প্ৰিমিয়াম দিলে অন্তৰ্ভুক্ত হ’ব এই আঁচনিৰ অধীনত। আৰু ১৫ ‍বছৰত লাৱ কৰিব ২৭ লাখ টকা। আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়ামো দিব পাৰিব।

যদি পলিচীত অন্তৰ্ভুক্ত হোৱাৰ পিছত মৃত্যুক সাৱটিব লগীয়া হয়, তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতিবছৰে ১ লাখ টকাকৈ লাভ কৰিব। সেইদৰে ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচীৰ নমিনিয়ে ২৭ লাখ টকাও লাভ কৰিব। এই পলিচীৰ অংশীদাৰ হ’বলৈ নূন্যতম ৩০ বছৰ আৰু কন্যাৰ বয়স ১ বছৰ হ’ব লাগিব। এই প্লেন ২৫ বছৰৰৰ বাবে। কিন্তু প্ৰিমিয়াম ২২ বছৰ দিব লাগিব।

পলকতে পলিচীখন-




    • ২৫ বছৰৰ বাবে পলিচী ল’ব পাৰিব।

    • ২২ বছৰ প্ৰিমিয়াম দিব লাগিব।

    • প্ৰতিদিনে ১২১ টকাকৈ মাহে ৩৬০০ টকা দিব লাগিব। ইয়াতকৈ অধিকো দিব পাৰিব

    • পলিচীৰ মাজতে যদি মৃত্যু হয়, তেন্তে পৰিয়ালে প্ৰিমিয়াম দিব নালাগে। প্ৰতিবছৰে লাভ কৰিব ১ লাখ টকা। সম্পূৰ্ণ হোৱাৰ পিছত নমিনিয়ে ২৭ লাখ টকা লাভ কৰিব।

    • পলিচী কম বা অধিক প্ৰিমিয়ামতো কৰিব পাৰব।



Published by: Himangshu Bhuyan
First published: September 11, 2020, 12:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading