অসুৰক্ষিত! চৰকাৰী বীমা কোম্পানী LICত জমা কৰা আপোনাৰ কষ্টৰ ধনৰ ওপৰত বাঢ়িছে সংকট!

News18 Assam | News18-Assam
Updated:January 22, 2020, 7:48 PM IST
অসুৰক্ষিত! চৰকাৰী বীমা কোম্পানী LICত জমা কৰা আপোনাৰ কষ্টৰ ধনৰ ওপৰত বাঢ়িছে সংকট!
বিগত ৫বছৰত NPA ৩০,০০০কোটি টকালৈকে বৃদ্ধি। বহুকেইটা ব্যক্তিগত কোম্পানীয়ে লোন লৈ ডিফল্ট কৰাৰ কাৰণে এলআইচিৰ এনপিএ বাঢ়িছে। 

বিগত ৫বছৰত NPA ৩০,০০০কোটি টকালৈকে বৃদ্ধি। বহুকেইটা ব্যক্তিগত কোম্পানীয়ে লোন লৈ ডিফল্ট কৰাৰ কাৰণে এলআইচিৰ এনপিএ বাঢ়িছে। 

  • Share this:
ভৰসাৰ প্ৰতীক চৰকাৰী ক্ষেত্ৰৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম। দেশৰ কোটি কোটি লোকে চকু মুদি নিজৰ উপাৰ্জনৰ এক বৃহৎ অংশ এলআইচিৰ পলিচীত বিনিয়োগ কৰি আহিছে। কিন্তু শেহতীয়াকৈ বহুকেইটা ঘটনাই এলআইচিত জমা নগদ ধনৰ বৃহৎ ভাণ্ডাৰৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে।

বেংকৰ দৰে কৰিছে একেই ভুল!

প্ৰচুৰ পৰিমাণৰ নগদ ধনৰ ভাণ্ডাৰ থকাৰ কাৰণে চৰকাৰৰ হৈ সংকটমোচনৰ কাম কৰি আছে এলআইচিয়ে। ইয়ে ৰাজহুৱা কোম্পানী আৰু বেংকৰ শ্বেয়াৰ ক্ৰয় কৰি সেইসমূহ বিক্ৰী কৰাৰ কাম কৰিছে। কিন্তু এলআইচিৰ শেহতীয়া জমা হিচাপে চকু কপালত তুলিছে। ব্যক্তিগত ক্ষেত্ৰত হাজাৰ কোটি কোটি টকাৰ লোন প্ৰদান কৰি একাংশ বেংকে যি ভুল কৰিছিল সেই একেই ভুলৰে পুনৰাবৃত্তি কৰিছে এলআইচিয়ে। এই বিত্তীয় বৰ্ষ অৰ্থাৎ ২০১৯–২০ৰ প্ৰথম ছমাহৰ (এপ্ৰিল–ছেপ্তেম্বৰ)ত এলআইচিৰ নন পাৰফৰ্মিং এছেট অৰ্থাৎ NPA ৬.১০শতাংশ বাঢ়িছে। এই এনপিএ ব্যক্তিগত ক্ষেত্ৰৰ য়েছ বেংক, আইচিআইচিআই, এক্সিছৰ ওচৰাওচৰি। এটা সময়ত শ্ৰেষ্ঠ মানৰ কাৰণে জনাজাত এই বেংকসমূহে এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত বৰ্ধিত এনপিএক লৈ সমস্যাত পৰিছে।

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এই প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি বুধবাৰে এটা টুইট কৰে,



দৰাচলতে ৰাজহুৱা কোম্পানী এলআইচিয়ে টাৰ্ম লোন আৰু নন কনভাৰটেবল ডিবেন্সাৰৰ ৰূপত বহুকেইটা কৰ্পৰেট কোম্পানীক লোন আদায় দিছিল। এলআইচিৰ ওচৰত প্ৰায় ৩৬লাখ কোটিৰো অধিক টকাৰ সম্পত্তি বা নগদ ধন আছে। ৩০ছেপ্তেম্বৰ, ২০১৯লৈকে এলআইচিৰ এনপিএ বৃদ্ধি পাই ৩০,০০০কোটি টকালৈকে বৃদ্ধি পাইছে।

বিগত পাঁচ বছৰত ইয়াৰ এনপিএ দুগুণ হৈছে আৰু মুঠ সম্পত্তিৰ এয়া ৬.১০শতাংশ হৈ পৰিছে।

এলআইচিৰ ডিফল্টাৰ কোন?

এলআইচিৰ পৰা ঋণ লৈ আদায় নিদিয়া ডিফল্টাৰ কোম্পানীৰ তালিকা তালিকাখন দীঘলীয়া। ইয়াত আছে ডাঙৰ ডাঙৰ কোম্পানীৰ নাম, ইউনিটেক, জিটিএল, IL&FS, ডেক্কান ক্ৰনিকল, ভূষণ পাৱাৰ, ভিডিঅ’কন ইণ্ডাষ্ট্ৰীজ, গেমন, এবিজি শ্বিপয়াৰ্ড আদি কোম্পানী আছে। এই কোম্পানীবোৰে এলআইচিৰ পৰা টাৰ্ম লোন আৰু এনচিডিৰ হিচাপত ঋণ লৈছে।

ইয়াৰে বহু ডিফল্টাৰৰ পৰা টকা উভতাই লোৱাটো যথেষ্ট কষ্টকৰ হ’ব। অৱশ্যে এই কথা সত্য যে এলআইচিয়ে বছৰি ২৬০০কোটিৰো অধিক টকাৰ লাভ কৰে আৰু বীমা কোম্পানীটোৰ নিজৰ হিচাপ বহীত এই এনপিএৰ কাৰণে ৯০শতাংশ ব্যৱস্থা কৰা থাকে। কিন্তু দেউলীয়া হোৱা বহুকেইটা কোম্পানীৰ পৰা টকা ঘুৰাই পোৱাটো কঠিন হ’ব আৰু এইসমূহক দিয়া ঋণে বীমা কোম্পানীটোক যথেষ্ট লোকচান কৰোৱাব পাৰে।

(www.businesstoday.in আৰু https://aajtak.intoday.inৰ পৰা সহায় লৈ।)
আৰু চাওক
পৰৱৰ্তী বাতৰি