• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰাণে মৰাৰ ভাবুকি, আৰক্ষী আৰু আই বি সতৰ্ক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰাণে মৰাৰ ভাবুকি, আৰক্ষী আৰু আই বি সতৰ্ক

প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে লিখা পত্ৰ ৰাজস্থান বিজেপিৰ সভাপতি মদনলাল সেনীৰ নামত প্ৰেৰণ  কৰিছে দুৰ্বৃত্তই ।

প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে লিখা পত্ৰ ৰাজস্থান বিজেপিৰ সভাপতি মদনলাল সেনীৰ নামত প্ৰেৰণ কৰিছে দুৰ্বৃত্তই ।

প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে লিখা পত্ৰ ৰাজস্থান বিজেপিৰ সভাপতি মদনলাল সেনীৰ নামত প্ৰেৰণ কৰিছে দুৰ্বৃত্তই ।

  • Share this:
    ৰাজস্থানৰ জয়পুৰত পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰাণে মৰাৰ ভাবুকিৰে লিখিছে পত্ৰ।   প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে লিখা পত্ৰ ৰাজস্থান বিজেপিৰ সভাপতি মদনলাল সেনীৰ নামত প্ৰেৰণ কৰিছে দুৰ্বৃত্তই ।ফলত এতিয়া আৰক্ষী আৰু দেশৰ গুপ্তচৰ এজেঞ্চী সমূহ সতৰ্ক হোৱা পৰিলক্ষিত হৈছে।

    ৰাজস্থান বিজেপিৰ সভাপতি মদনলাল সেনীয়ে জনোৱা মতে এটা বন্ধ খামত প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে লিখা পত্ৰখন।পত্ৰখন লিখোতাজনৰ নাম ৰাজেশ টাংক বুলি লিখা হৈছে। খবৰ পোৱাৰ পিছতে অশোক নগৰ থানাৰ বিষয়া আৰু উচ্চপ্ৰদস্থ বিয়য়াই জব্দ কৰে সেই বিশেষ পত্ৰখন। পিছত আৰক্ষীৰ অনুসন্ধানত পত্ৰখনত লিখা ঠিকনা ভুল প্ৰমাণিত কৰে আৰক্ষীয়ে। বিষয়তো প্ৰধানমন্ত্ৰী মোদীৰ লগত জড়িত হোৱাৰ কাৰণে এতিয়া ৰাজস্থান প্ৰশাসনৰ লগতে কেন্দ্ৰীয় চুৰাংচোৱা সংস্থাই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে।

    এতিয়ালৈকে আৰক্ষী আৰু আই বি –এ বিষয়টোৰ সন্দৰ্ভত বিতং ভাবে সংবাদ মাধ্যমক জনোৱা নাই, যদিও অতি সোনকালে দোষীক কৰায়ত্ত্ব কৰিব পৰা যাব বুলি অৱগত কৰিছে আৰক্ষীয়ে।
    First published: