Rajyasabha: কিংবদন্তি খেলুৱৈ পিটি উষা, মিউজিক মেষ্ট্ৰ’ ইলাইয়াৰাজা, চলচ্চিত্ৰ নিৰ্মাতা ভি বিজয়েন্দ্ৰ প্ৰসাদ আৰু ধৰ্মস্থল মন্দিৰৰ প্ৰশাসক বীৰেন্দ্ৰ হেগড়েক ৰাজ্যসভালৈ মনোনীত কৰা হয়। Rajyasabha: কিংবদন্তি খেলুৱৈ পিটি উষা, মিউজিক মেষ্ট্ৰ’ ইলাইয়াৰাজা, চলচ্চিত্ৰ নিৰ্মাতা ভি বিজয়েন্দ্ৰ প্ৰসাদ আৰু ধৰ্মস্থল মন্দিৰৰ প্ৰশাসক বীৰেন্দ্ৰ হেগড়েক ৰাজ্যসভালৈ মনোনীত কৰা হয়। বুধবাৰে ৰাজ্যসভালৈ মনোনীত কৰা হয় ৪ গৰাকী বিশ্ষ্ট ব্।ক্তিক। মনোনীত হোৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে কিংবদন্তি খেলুৱৈ পিটি উষা, মিউজিক মেষ্ট্ৰ’ ইলায়াৰাজা, আৰু চলচ্চিত্ৰ নিৰ্মাতা ভি বিজয়েন্দ্ৰ প্ৰসাদ (athlete PT Usha, music maestro Ilaiyaraaja, filmmaker V Vijayendra Prasad)। দানবীৰ তথা ধৰ্মস্থল মন্দিৰৰ প্ৰশাসক বীৰেন্দ্ৰ হেগড়ে (Veerendra Heggade)কো সংসদৰ উচ্চ সদনলৈ মনোনীত কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)য়ে টুইটাৰযোগে সকলোকে অভিনন্দন জনায়। ঊষালৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি তেওঁ কয়, ‘উল্লেখযোগ্য পিটি উষা জী প্ৰতিজন ভাৰতীয়ৰ বাবে এক প্ৰেৰণা। ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁৰ সাফল্য বহুলভাৱে পৰিচিত যদিও সমানেই প্ৰশংসনীয় হৈছে যোৱা কেইবাবছৰ ধৰি উদীয়মান খেলুৱৈসকলক মেণ্টৰ কৰা তেওঁৰ কাম। ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ।"
প্ৰধানমন্ত্ৰীয়ে ইলায়াৰাজাক, ভি বিজয়েন্দ্ৰ প্ৰসাদ আৰু বীৰেন্দ্ৰ হেগড়েকো পৃথকে পৃথকে টুইট কৰি অভিনন্দন জ্ঞাপন কৰে।
Published by: Manjumoni Borah
First published: July 06, 2022, 21:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|