নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি বাওঁ দলসমূহে বিহাৰ বন্ধৰ আহ্বান জনাইছে। এই বন্ধলৈ সমৰ্থন জনাইছে কংগ্ৰেছ, আৰ এল এছ পি, এইচ এ এম, জন অধিকাৰ পাৰ্টীকে ধৰি কেইবাটাও দলে। পুৱাৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বন্ধৰ প্ৰভাৱ। সকলো ৰে’ল ষ্টেচনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
বন্ধৰ সময়তে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হয় VIPৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ ছাহানী। ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেলত সমৰ্থকৰ সৈতে ৰে’ল অৱৰোধ কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে। ফল দলটোৰ কৰ্মীসকলে অৰ্ধনগ্ন প্ৰতিবাদ সাব্যস্ত কৰে।
দৰভাংগাতো প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে ৰে’লপথ। ফলত কমলা–গংগা ইণ্টাৰচিটী এক্সপ্ৰেছ আবদ্ধ হৈ পৰে। লেহৰিয়াছৰাই ষ্টেচনতো প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে ৰে’লপথ। CAA আৰু NRCৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|