• Home
  • »
  • News
  • »
  • nation
  • »
  • এল ই ডি টিভি বিস্ফোৰণত নিহত এজন কিশোৰ, আহত তিনিজন, ক’ত এই ঘটনা?

এল ই ডি টিভি বিস্ফোৰণত নিহত এজন কিশোৰ, আহত তিনিজন, ক’ত এই ঘটনা?

আৰক্ষী সূত্ৰে জনা গৈছে যে মঙলবাৰে পৰিয়ালটোত হঠাৎ বিস্ফোৰণ ঘটে দেৱালত লগোৱা এল ই ডি টিভিত। দুৰ্ঘটনাত নিহত কিশোৰ ওমেন্দ্ৰৰ মুখ, বুকু আৰু ডিঙিত গুৰুতৰ আঘাতৰ চিন আছিল।

  • Share this:
এল ই ডি টিভি বিস্ফোৰণত নিজৰ ঘৰতে মৃত্যু এজন ১৬ বছৰীয়া কিশোৰৰ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। দুৰ্ঘটনাত আহত হৈছে কিশোৰজনৰ মাতৃ, নবৌৱেক আৰু এজন বন্ধু। বিস্ফৰোণ ইমানেই তীব্ৰতৰ আছিল যে ইয়াৰ ফলবত খহি পৰে ঘৰৰ এখন দেৱাল আৰু কংক্ৰিটৰ শ্লেব। দুৰ্ঘটনাৰ ফলত আতংকিত হৈ পৰে স্থানীয় লোকসকল।

আৰক্ষী সূত্ৰে জনা গৈছে যে মঙলবাৰে পৰিয়ালটোত হঠাৎ বিস্ফোৰণ ঘটে দেৱালত লগোৱা এল ই ডি টিভিত। দুৰ্ঘটনাত নিহত কিশোৰ ওমেন্দ্ৰৰ মুখ, বুকু আৰু ডিঙিত গুৰুতৰ আঘাতৰ চিন আছিল। প্ৰতিৱেশীয়ে জনায় যে বিস্ফৰোণৰ প্ৰচণ্ড শব্দ শুনি তেওঁলোকে ভাবিছিল যে গেছ চিলিণ্ডাৰ ফাটি গৈছে। ওচৰ–চুবুৰীয়াই দৌৰি আহি দেখিছিল যে ঘৰটোৰ খহি পৰা অংশৰে ধোঁৱা ওলাই আছে।

দুৰ্ঘটনাৰ পিছত আহত ওমেন্দ্ৰক সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু হাস্পতালত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। তেওঁৰ মাতৃসহ দুৰ্ঘটনাত আহত আনসকলৰ চিকিৎসা চলি আছে। পৰিয়ালৰ আন এগৰাকী সদস্য মনিকাই জনায় যে এই ঘটনাৰ সময়ত তেওঁ আনটো ঘৰত আছিল। প্ৰচণ্ড বিস্ফোৰণত ঘৰটো কঁপি উঠাৰ লগতে এখন দেৱালৰ একাংশ খহি পৰে। ঘটনাৰ তদন্ত চলিছে বুলি জনাইছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি