নোটৰ ওপৰত লক্ষ্মী মাতাৰ ছবি লগালে অৰ্থনীতি ভাল হৈ যাব! বিজেপি নেতা সুব্ৰমনিয়াম স্বামীৰ উবাচ

News18 Assam | News18-Assam
Updated:January 16, 2020, 8:18 AM IST
নোটৰ ওপৰত লক্ষ্মী মাতাৰ ছবি লগালে অৰ্থনীতি ভাল হৈ যাব! বিজেপি নেতা সুব্ৰমনিয়াম স্বামীৰ উবাচ
অৰ্থব্যৱস্থা সুস্থিৰ কৰিবলৈ সুব্ৰমনিয়াম স্বামীয়ে দিছে এই আচহুৱা প্ৰস্তাৱ।

অৰ্থব্যৱস্থা সুস্থিৰ কৰিবলৈ সুব্ৰমনিয়াম স্বামীয়ে দিছে এই আচহুৱা প্ৰস্তাৱ।

  • Share this:
মধ্যপ্ৰদেশৰ খাণ্ডৱাত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত অংশ ল’বলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ডঃ সুব্ৰমনিয়াম স্বামীয়ে অৰ্থব্যৱস্থাক লৈ দিছে বিতৰ্কিত টিপ্পণী। তেওঁ কয় যে, লক্ষ্মীৰ ফটো নোটৰ ওপৰত ছপা কৰিলে অৰ্থনীতি সুস্থিৰ হৈ পৰিব। দৰাচলতে ইণ্ডোনেছিয়াৰ নোটৰ ওপৰত ভগৱান গণেশৰ ছবি ছপা কৰাক লৈ সংবাদদাতাসকলে প্ৰশ্ন কৰাত সুব্ৰমনিয়াম স্বামীয়ে কয় যে, ‘মইও কও যে আমাৰ নোটৰ ওপৰত লক্ষ্মীৰ ছবি থাকিব লাগে, গণপতি বিঘ্নহৰ্তা হয়, কিন্তু দেশৰ অৰ্থব্যৱস্থা সুস্থিৰ কৰিবলৈ লক্ষ্মী মাতাৰহে ছবি লগাব লাগে। ইয়াত কোনোৱে বেয়া পাব নালাগে।’

অৱশ্যে এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰিব বুলি তেওঁ কয়। স্বামীৰ মতে হিন্দু আৰু মুছলমানৰ ডিএনএ একেই সেইকাৰণে ইণ্ডোনেছিয়াৰ দৰে মুছলমান বসতি প্ৰধান দেশৰ নোটত ভাৰতৰ গণেশ দেৱতা থাকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি