• Home
  • »
  • News
  • »
  • nation
  • »
  • মহিলাসকলক সমাজৰ এটা বঞ্চিত শ্ৰেণীৰ অংশ হিচাপে বিবেচনা কৰা হয়, তেওঁলোকক অধিক সুৰক্ষাৰ প্ৰয়োজন: বোম্বে উচ্চ ন্যায়ালয়

মহিলাসকলক সমাজৰ এটা বঞ্চিত শ্ৰেণীৰ অংশ হিচাপে বিবেচনা কৰা হয়, তেওঁলোকক অধিক সুৰক্ষাৰ প্ৰয়োজন: বোম্বে উচ্চ ন্যায়ালয়

আইনে মহিলাসকলক সমাজৰ এটা বঞ্চিত শ্ৰেণীৰ অংশ হিচাপে বিবেচনা কৰে যাক অধিক সুৰক্ষাৰ প্ৰয়োজন।

আইনে মহিলাসকলক সমাজৰ এটা বঞ্চিত শ্ৰেণীৰ অংশ হিচাপে বিবেচনা কৰে যাক অধিক সুৰক্ষাৰ প্ৰয়োজন।

আইনে মহিলাসকলক সমাজৰ এটা বঞ্চিত শ্ৰেণীৰ অংশ হিচাপে বিবেচনা কৰে যাক অধিক সুৰক্ষাৰ প্ৰয়োজন।

  • Share this:
বোম্বে উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰা অনুসৰি আইনে মহিলাসকলক সমাজৰ এটা বঞ্চিত শ্ৰেণীৰ অংশ হিচাপে বিবেচনা কৰে যাক অধিক সুৰক্ষাৰ প্ৰয়োজন আৰু সেয়েহে মহিলাসকলৰ অসুবিধাবোৰক প্ৰাথমিকতা দিয়াটো উচিত। জানিব পৰা মতে, ন্যায়ালয়ে এগৰাকী মহিলাৰ অনুৰোধত বৈবাহিক বিবাদৰ লগত জড়িত এটা ঘটনা পুনেৰ পৰা মুম্বাইলৈ হস্তান্তৰিত কৰি এই বিষয়ে মন্তব্য কৰে। ন্যায়াধীশ এছ এম মোদকৰ এজনীয়া বিচাৰপীঠে এগৰাকী মহিলা আৰু তেওঁৰ বিচ্ছিন্ন স্বামীৰ দ্বাৰা দাখিল কৰা দুখন আৱেদনৰ শুনানিৰ সময়ত ১৭ আগষ্টত এই নিৰ্দেশ প্ৰদান কৰে আৰু এই আদেশৰ এটা প্ৰতিলিপি সোমবাৰে প্ৰদান কৰা হৈছিল।

প্ৰাপ্ত তথ্য অনুসৰি এহাল পতি–পত্নীৰ মাজত চলি থকা বৈবাহিক বিবাদত তেওঁলোকে পুনেত অৱস্থিত থানেৰ ন্যায়ালয়সমূহত দুটা বেলেগ বেলেগ গোচৰ তৰি থৈছে। ইতিমধ্যে, পুনেত বাস কৰা স্বামীয়ে থানে আদালতত দাখিল কৰা আবেদনৰ স্থানান্তৰ হোৱাতো বিচাৰিছে। একে সময়তে, মুম্বাইত বাস কৰা পত্নীয়ে পুনেত দাখিল কৰা আবেদন পুনেৰ থানেলৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে। মহিলাগৰাকীয়ে তেখেতৰ আবেদনত কৈছিল যে তেওঁ নিবনুৱা আৰু তেওঁৰ বাবে পুনেলৈ সঘনাই আদালতৰ শুনানি সন্দৰ্ভত যাত্ৰা কৰাটো সম্ভৱ নহয়।

এই আৱেদনৰ ভিত্তিতেই বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এম মোদকৰ এজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বৈবাহিক বিবাদৰ গোচৰটো পুনেৰ পৰা মুম্বাইলৈ হস্তান্তৰিত কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি