২মাহৰ ভিতৰত সৰ্বাধিক বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটী আৰু আন ঠাইত কি দাম?

শুকুৰবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ৭৫.২৬ টকালৈ বাঢ়িল আনহাতে ডিজেলৰ মূল্য ৬৯.৩৬ টকালৈ বাঢ়িল।

News18-Assam
Updated:September 20, 2019, 1:51 PM IST
২মাহৰ ভিতৰত সৰ্বাধিক বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ মূল্য, গুৱাহাটী আৰু আন ঠাইত কি দাম?
শুকুৰবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ৭৫.২৬ টকালৈ বাঢ়িল আনহাতে ডিজেলৰ মূল্য ৬৯.৩৬ টকালৈ বাঢ়িল।
News18-Assam
Updated: September 20, 2019, 1:51 PM IST
বিগত সপ্তাহত চৌদি আৰামক’ৰ ওপৰত হোৱা আক্ৰমণৰ পিছত আজি একেৰাহে চতুৰ্থদিনাও পেট্ৰ’ল–ডিজেলৰ মূল্য বাঢ়িছে। আজি ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য ৩৫পইচা আৰু ডিজেলৰ মূল্য ২৮পইচা প্ৰতিলিটাৰত বাঢ়িছে। কলকাতা, মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৩৪পইচা আৰু চেন্নাইত পেট্ৰ’ল ৩৭পইচা প্ৰতিলিটাৰত বৃদ্ধি পাইছে। মুম্বাই আৰু চেন্নাইত ডিজেল প্ৰতিলিটাৰত ৩০পইচা মহঙা হৈছে। উল্লেখযোগ্য যে বিগত দুমাহত পেট্ৰ’ল আৰু ডিজেলৰ এয়া সৰ্বাধিক মূল্যবৃদ্ধি। বিগত চাৰি দিনতে দিল্লীত পেট্ৰ’লৰ মূল্য ১.০৩টকা বাঢ়িল আৰু ডিজেলৰ মূল্য ৮৬পইচা প্ৰতিলিটাৰত বাঢ়িল। আনহাতে শুকুৰবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ৭৫.২৬ টকালৈ বাঢ়িল আনহাতে ডিজেলৰ মূল্য ৬৯.৩৬ টকালৈ বাঢ়িল।

ইণ্ডিয়ান অই‍লৰ ৱেবছাইট মতে শুকুৰবাৰে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত পেট্ৰ’লৰ দাম বাঢ়ি ক্ৰমে, ৭৩.০৬টকা, ৭৮.৭৩টকা, ৭৫.৭৭টকা আৰু ৭৫.৯৩টকা প্ৰতিলিটাৰত হৈছে। চাৰিওখন মহানগৰত ডিজেলৰ দাম বাঢ়ি ক্ৰমে, ৬৬.২৯টকা, ৬৯.৫৪টকা, ৬৮.৭০টকা আৰু ৭০.০৭টকা প্ৰতিলিটাৰত হৈছে।



SMSৰ জৰিয়তে নিজৰ চহৰৰ মূল্য গম পাব পাৰে

নিজৰ চহৰত পেট্ৰ’ল–ডিজেলৰ মূল্য এনেকৈ চাব পাৰে। SMSৰ জৰিয়তে উপভোক্তাই কোনো বিশেষ ৰেজিষ্টাৰ্ড নম্বৰৰ পৰা এছএমএছ পঠিয়াই পেট্ৰ’ল–ডিজেলৰ মূল্য চাব পাৰে। তেওঁলোকে প্ৰতিদিনে পুৱা ছয় বজাত সলনি হোৱা মূল্য চাব পাৰিব। ইয়াৰ কাৰণে ইণ্ডিয়ান অইলৰ গ্ৰাহকে RSP<ডিলাৰ কোড> ৯২২৪৯৯২২৪৯ নম্বৰত পঠিয়াব পাৰে। আনহাতে বিপিচিএল গ্ৰাহকে RSP<ডিলাৰ কোড> ৯২২২২০১১২২ নম্বৰত পঠিয়াব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি