পেট্ৰ’ল–ডিজেলৰ মূল্য আজিও বাঢ়িল। সোমবাৰে ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য ২৯ পইচা আৰু ডিজেলৰ মূল্য ১৯ পইচা প্ৰতিলিটাৰত বাঢ়িল।
- News18
- Last Updated :
চৌদি আৰামক’ৰ ওপৰত হোৱা আক্ৰমণৰ পিছত আজি একেৰাহে সপ্তমদিনাও দেশজুৰি পেট্ৰ’ল–ডিজেলৰ মূল্য বাঢ়িছে। দিল্লীত এই সপ্তাহত পেট্ৰ’লৰ মূল্য ১.৮৮টকা প্ৰতিলিটাৰত বাঢ়িছে। আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত বাঢ়িছে ১.৫০টকা।
ইণ্ডিয়ান অইলৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে সোমবাৰে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত পেট্ৰ’লৰ দাম বাঢ়ি প্ৰতিলিটাৰত ক্ৰমে, ৭৩.৯১ টকা, ৭৯.৫৭টকা, ৭৬.৬০টকা আৰু ৭৬.৮৩টকা হৈছেগৈ। চাৰিওখন মহানগৰত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ক্ৰমে ৬৬.৯৩টকা, ৭০.২২টকা, ৬৯.৩৫টকা আৰু ৭০.৭৬টকা হৈছেগৈ।
গুৱাহাটীত সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৬.৬৬টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭০.৫২টকা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|